শেহতীয়া খবৰ
অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড...  •  দুৰ্নীতি নহয়, এইবাৰ গাঁঠিৰ ধন খৰছ কৰি গোৱালাপাৰত পথ মেৰামতি কৰিলে বিষয়া-ঠিকাদাৰে  •  ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান  •  সোমবাৰে শিলচৰত ভাৰত-বাংলাদেশৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠক  •  অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ...  •  কুকাৰপাৰত বানসাহায্য হৰলুকিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ, VIDEO  •  ১২৮ কোটি টকাৰ বিদ্যুতৰ বিল! মূৰে কপালে হাত দিছে এজন বৃদ্ধই...  •  দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন হ’ব শীলা দীক্ষিতৰ অন্ত্যোষ্টিক্ৰিয়া...  •  সোনভদ্ৰা কাণ্ডক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ মমতা বেনাৰ্জী, প্ৰিয়ংকাৰ পক্ষত দিলে থিয়...  •  আৰু এটা সোণ, পদক জয়েৰে অভিলেখ হিমাৰ

শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি সফলতাৰ ধাৰা অক্ষুণ্ন ৰাখিলে বঢ়মপুৰ শংকৰ মিছন অন্ধ বিদ্যালয়ে

29

ডিজিটেল সংবাদ, চামগুৰিঃ সফলতাৰ ধাৰা অক্ষুণ্ন ৰাখিবলৈ সক্ষম হ’ল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয় ।১০০শতাংশ উৰ্ত্তীণৰে শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিজয়ৰ ধাৰা অক্ষুণ্ন ৰাখিলে বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে ।বৃহস্পতিবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।এই পৰীক্ষাৰ ফলাফলত উজ্বলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী।

বিদ্যালয়খনৰ পৰা মুঠ দুগৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয় খনৰ ছাত্ৰ জয়ন্ত বৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে।

আনহাতে বিদ্যালয়খনৰ ছাত্ৰী মমিতা বিশ্বাস উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ পৰ্যাপ্ত নাছিল কিতাপ, ৰেকৰ্ডিং শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাইটীয়া পথেৰে দুয়োগৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্ত্তীণ হৈছিল পৰীক্ষাত।আৰু কিতাপ নথকা প্ৰত্যাহবান বুকুত বান্ধিয়ে সফলতাৰে উৰ্ত্তীণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰ-ছাত্ৰী দুগৰাকীয়ে।ছাত্ৰ-ছাত্ৰী দুজনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি