বঢ়মপুৰত ‘জাগৰণ’ সচেতন নাগৰিক মঞ্চৰ ব্যতিক্ৰমী পদক্ষেপ…

বঢ়মপুৰত ‘জাগৰণ’ সচেতন নাগৰিক মঞ্চৰ ব্যতিক্ৰমী পদক্ষেপ…

ডিজিটেল সংবাদ, বঢ়মপুৰ: পূৰ্বৰ দৰে এইবাৰ ৰাজ্যত কaভিড-১৯ মহামাৰীয়ে ৰাস মহোৎসৱৰ উৎসাহ ম্লান কৰাৰ লগতে চৰকাৰ তথা প্ৰশাসনে কোভিড প্ৰট'ক'ল মানি ৰাস মহোৎসৱ উদযাপন কৰিবলৈ নিৰ্দেশ দিয়াত কিদৰে এখন ৰাস সাফল্যমণ্ডিত কৰিব পাৰি তাৰেই ব্যতিক্ৰমী চিন্তা-চর্চাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে বঢ়মপুৰৰ " জাগৰণ" সচেতন নাগৰিক মঞ্চই । কোৰোনা মহামাৰীৰ পৰা বহু আঁতৰত থাকি তেওঁলোকে এইবাৰ সম্পূৰ্ণ ডিজিটেল মাধ্যমৰ জৰিয়তে দৰ্শকৰ আগত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসভাগ দাঙি ধৰিবলৈ আগবাঢ়িছে ।

চৰকাৰে বান্ধি দিয়া কোভিড' প্ৰট'ক'লক ভেঙুচালি নকৰি মঞ্চ ৰাস আৰু মুকলি ৰাসৰ পৰা বিৰত থাকি ব্যতিক্ৰমী পদক্ষেপ হিচাপে " জাগৰণ" সচেতন নাগৰিক মঞ্চই এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি " কেলিগোপাল " নাটৰ আলম লৈ অসমীয়া ভাষা-শৈলীৰে অসমৰ প্ৰথমখন কথাছবি " কৃষ্ণলীলা"ৰ যোৱা ২২ নৱেম্বৰত শুভ মহুৰত কৰি এতিয়া শ্বুটিংৰ কাম অব্যাহত ৰাখিছে ।

উল্লেখ্য যে , যোৱা বছৰটো তেওঁলোকে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি মুছলমান যুৱতীক কৃষ্ণৰ ভাও দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । এইবেলি কোভিড মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শক ৰাইজক আঁতৰাই ৰাখিবলৈ কথাছবি নিৰ্মাণৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে বুলি মঞ্চৰ সভাপতি শিৱ বৰ্মন আৰু সম্পাদক বিমল বৰাই জানিবলৈ দিছে ।

অসমীয়া ছবিজগতৰ লগতে স্থানীয় কলা-কুশলীক কৃষ্ণ , ৰাধা , কংস , শঙ্খচূড় , বসুদেৱ , দৈৱকী , যশোদা , নন্দৰ লগতে গোপীৰ অভিনয় কৰিবলৈ দি তেওঁলোকে এই ব্যতিক্ৰমী ডিজিটেল মাধ্যমেৰে সম্প্ৰচাৰ কৰিবলৈ আগবঢ়া ৰাসখনৰ বাবে সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in