সহস্ৰাধিক ভক্তি প্ৰদীপেৰে বৰদোৱাৰ কীৰ্তনঘৰত পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি

সহস্ৰাধিক ভক্তি প্ৰদীপেৰে বৰদোৱাৰ কীৰ্তনঘৰত পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানত গোটেই ভাদ মাহটো দিনে নিশাই অবিৰতভাৱে নাম ডকাৰ অন্তত আজি ভাদ মাহৰ শেষ দিনটোত নাম সামৰণি মৰা হব৷ ভাদ মাহটোত বিশেষভাৱে দৈনিক চলি থকা ওঠৰ প্ৰসংগৰ আজি ধৰ্মীয় পৰম্পৰাৰে সামৰণি মাৰি পুনৰ চৈধ্য প্ৰসংগলৈ ঘূৰি যোৱা হ'ব৷

আজি বটদ্ৰৱা থানৰ নাম সামৰণি উৎসৱৰ মূল আকৰ্ষণীয় অনুষ্ঠান হ'ল 'ঘোষা কীৰ্তনীয়া' নাম৷ বিয়লি ভাগত কীৰ্তনঘৰৰ বৰগছাসমূহত সহস্ৰাধিক বন্তি চাকি প্ৰজ্বলন কৰি ভকতসকলে অনুষ্ঠিত কৰে ঘোষা কীৰ্তনীয়া নাম।

শ শ বছৰ ধৰি চলি অহা এই নাম অন্ত পৰাৰ আগে আগে নামত অংশগ্ৰহণ কৰা ভকতসকলে তাল কোবাই কোবাই ঐতিহ্যমণ্ডিত কীৰ্তনঘৰ আৰু পদশিলাৰ পৰিক্ৰমা কৰে৷ এই দৃষ্টিনন্দন পৰিবেশ উপভোগ কৰিবলৈ বটদ্ৰৱাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বহু ৰাইজৰ সমাগম ঘটিছে পূণ্যভূমি বৰদোৱাত৷

উল্লেখ্য যে, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শঙ্কৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত তেৰাই দি যোৱা চৈধ্য প্ৰসংগ, গীত-মাত, নাট-ভাওঁনা, কলা-কৃষ্টি প্ৰদৰ্শন গুৰুজনাৰ আদৰ্শৰেই বছৰটোৰ বাৰ মাহেই বৰদোৱাৰ ভকত বৈষ্ণৱসকলে পালন কৰি আহিছে৷

পবিত্ৰ ভাদ মাহৰ বাহিৰে বছৰটোৰ বাকীকেইটা মাহত বৰদোৱা থানত চৈধ্য প্ৰসংগ চলি থাকে যদিও ভাদ মাহত বিশেষভাৱে আৰু চাৰি প্ৰসংগ যোগ কৰি ওঠৰ প্ৰসংগ কৰা হয়৷

ভাদ মাহটোত ওঠৰ প্ৰসংগৰ মাংঙ্গলিক ধ্বনিৰ আধ্যাত্মিক বাতাবৰণে বৰদোৱাৰ আকাশ-বতাহ মুখৰিত কৰি প্ৰতিজন ভক্তপ্ৰাণৰ মন-প্ৰাণত সঞ্চাৰিত কৰি তোলে অফুৰন্ত ভক্তিৰসৰ অনুপম তৃপ্তি৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in