শেহতীয়া খবৰ
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...  •  ৰাইজৰ সেৱা ! ঔম স্বাহা...

বিপদত পৰিবঃ ৩ দিনৰ বাবে সমগ্ৰ দেশজুৰি বন্ধ থাকিব বেংক..

ডিজিটেল ডেস্কঃ মোডী চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ মাজতেই গৃহীত কৰিব বেংকিং আইন সংশোধনী বিল ২০২১। ইতিমধ্যে এই আইন গৃহীত কৰিবলৈ মোডী চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে বেংকিং আইন সংশোধনী বিল গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নচ (UFBU)। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা বেংকসমূহ বেচৰকাৰীকৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাজহুৱা বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংস্থাটোৱে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

ইতিমধ্যে সংগঠনটোৰ ফালৰ পৰা এই বিষয়ে ঘোষণা কৰিছে। আনহাতে কৃষক নেতাইয়ো ৰাজহুৱা বেংক ব্যক্তিগতকৰণৰ বৰিুদ্ধে সমগ্ৰ দেশজুৰি আন্দোলন কৰিবলৈ আহ্বান জনাইছে। ইফালে ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানসমূহৰ সংগঠনৰ প্ৰতিবাদক আওকান কৰি সংসদত বেংকিং আইন সংশোধনী বিধেয়ক গৃহীত কৰিলে এই সংগঠন বোৰে অধিক তীব্ৰতাৰে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলিও সকিয়নি প্ৰদান কৰিছে।