বাণীকান্ত কাকতি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত বিজ্ঞান দিৱস…

বাণীকান্ত কাকতি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত বিজ্ঞান দিৱস…

ডিজিটেল সংবাদ, গুৱাহাটীঃ নমস্য বিজ্ঞানী চি.ভি ৰমানৰ সোঁৱৰনত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় ৷ গুৱাহাটীৰ লাচিত নগৰস্থিত চৰকাৰী বাণীকান্ত কাকতি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়টো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ৷

মহিলা আৰু বিজ্ঞান বিষয়ক আলোচনা চক্ৰত মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ কবিতা বৰ্মণে মহিলা সকলক বিজ্ঞানৰ ক্ষেত্ৰত মহিলাৰ সজাগতা আৰু অৱদানৰ বিষয়ে বহল বাখ্যা আগবঢ়ায় ৷ সভাত ডঃ মহেন্দ্ৰ কৌৰে ভাষণ প্ৰসংগত কয় যে বিজ্ঞান অবিহনে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰি সেয়েহে আজিৰ যুগৰ মহিলা সকলে সকলো ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব ৷

ডঃ যাদৱ চন্দ্ৰ কলিতাই বিজ্ঞান দিৱসৰ তাৎপৰ্য আৰু ডঃ চি ভি ভেংকত ৰামনৰ জীৱন আলোক পাত কৰে। ডঃ উৎপল গোস্বামী ৰামনক লৈ এটি কবিতা পাঠ কৰে ৷ সভাত শিক্ষক প্ৰশিক্ষাৰ্থী ৰত্নেশ্বৰ ডেকা,ৰবীন শৰ্মা,ৰাজেন ডেকা,ছাইডোল ইছলাম আৰু জাগৰীতি চোধাৰী ভাষণ প্ৰদান কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in