বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল ডেস্কঃ ভাৰতত 'কা'ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশ চৰকাৰে দেশখনত কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰশাসনে বন্ধ কৰি দিছে সকলো ম'বাইল সেৱা।

সোমবাৰৰ পৰা ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ১ কিলোমিটাৰ পৰ্যন্ত ম'বাইল কোম্পানীসমূহৰ সেৱা বন্ধ কৰি দিয়াৰ কথা সদৰী কৰিছে দেশখনৰ উচ্চস্তৰীয় সূত্ৰই। বাংলাদেশ টেলিকমিনিকেশ্যন ৰেগুলেটৰি কমিছন চমুকৈ বিটিআৰচিয়ে দেওবাৰেই জাৰি কৰিছিল এই সন্দৰ্ভত নিৰ্দেশ।

ইয়াৰ ফলত দেশখনত ম'বাইল সেৱা প্ৰদান কৰা গ্ৰামীণ ফোন টেলটেক ৰুবী বাংলা লিংক আদি ম'বাইল কোম্পানীৰ সেৱা লাভ কৰা ১ কোটিৰো অধিক লোক প্ৰভাৱান্বিত হৈছে। বিটিআৰচিয়ে দিয়া জাননীখনত উল্লেখ কৰা হৈছে নিৰাপত্তাজনিত কাৰণত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই সেৱা বাতিল হৈ থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in