বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল…

বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বিগত চাৰিদিন ধৰি বাঢ়নি পানী গোৱালপাৰা-বঙাইগাঁও সংযোগী ৩১(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰাৰ ফলত পথচোৱাৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ পানী নকমালৈকে পথচোৱাৰে গধূৰ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷

গধূৰ যান-বাহন চলাচল কৰিলে পথচোৱা বহি যাব পৰাৰ আশংকাত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব দিছে অভিযন্তা জে. ৰয়ে জানিব দিছে ৷ অৱশ্যে লঘু যান-বাহনৰ চলাচলত কোনো বাধা নাই বুলি জানিব দিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in