স্বাধীনতা দিৱসৰ দিনা বঙাইগাঁৱৰ ৰাজপথত প্ৰতিবাদ, আটক শতাধিক প্ৰতিবাদকাৰী

স্বাধীনতা দিৱসৰ দিনা বঙাইগাঁৱৰ ৰাজপথত প্ৰতিবাদ, আটক শতাধিক প্ৰতিবাদকাৰী

ডিজিটেল সংবাদ, অভয়াপুৰীঃ কোচ-ৰাজবংশীসকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দেশৰ স্বাধীনতা দিৱসৰ দিনাও অব্যাহত আছে এই প্ৰতিবাদ৷

আজি বঙাইগাঁওৰ ৰাজপথত কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে ক'লা বেজ পৰিধান কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামে৷ সংগঠনটোৱে বঙাইগাঁওৰ ৰাজপথত সৃষ্টি কৰে এক প্ৰতিবাদমুখৰ পৰিস্থিতি৷

ইফালে, আৰক্ষীয়ে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, সম্পাদক জীৱশ ৰায়সহ শতাধিক প্ৰতিবাদকাৰীক বঙাইগাওঁ আৰক্ষীয়ে আটক কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in