বাইদেউ মিঠাই খাওঁক, আপোনালোকৰ আশীৰ্বাদতে আমাৰ ঘৰত নাথাকে কাৰেন্ট! বিষয়াৰ কোঠাত সোমাই ফুলৰ মালা পিন্ধালে কৃষক মুক্তিয়ে, VIDEO

বাইদেউ মিঠাই খাওঁক, আপোনালোকৰ আশীৰ্বাদতে আমাৰ ঘৰত নাথাকে কাৰেন্ট! বিষয়াৰ কোঠাত সোমাই ফুলৰ মালা পিন্ধালে কৃষক মুক্তিয়ে, VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ এটা কাৰ্যালয়ৰ বিষয়াক পিন্ধোৱা হ'ল ফুলৰ মালা৷ কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীক খুৱালে মিঠাই৷ ৰ'ব, ভাল কামৰ বাবে এওঁলোকক মালা পিন্ধোৱা বা মিঠাই খুওৱা হোৱা নাই৷ বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা বাবেহে কাৰ্যালয়টোৰ বিষয়াক ফুলৰ মালা পিন্ধোৱা হৈছে।কৰ্মচাৰীক খুওৱা হ'ল মিঠাই৷

হয়, অভয়াপুৰী বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বুধবাৰে এই আজৱ প্ৰতিবাদ সাব্যস্ত কৰে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱনাথৰ নেতৃত্বত বুধবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বৃহত্তৰ বইটামাৰী অঞ্চলত বিদ্যুৎ যোগানত ব্যৰ্থ হৈছে বিদ্যুৎ বিভাগ৷ আনহাতে এজাক বৰষুণ আহিলেই ঘন্টাৰ পিছত ঘন্টা বিদ্যুৎ কৰ্তন কৰে গাঁও অঞ্চলত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in