২.০৩কোটি গ্ৰাহকৰ সহাঁৰিৰে অধিক শক্তিশালী ৰূপত বন্ধন বেংক…

২.০৩কোটি গ্ৰাহকৰ সহাঁৰিৰে অধিক শক্তিশালী ৰূপত বন্ধন বেংক…

ডিজিটেল ডেস্কঃ বন্ধন বেংকে বিত্তীয় বৰ্ষ ২০২০-২১ৰ প্ৰথম ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰিছে। সেই অনুসৰি ২৪.৯৯ শতাংশ বিকাশ ঘটি বেংকটোৰ ব্যৱসায় বৃদ্ধি হৈছে ১,৩৪,৯৪১কোটি টকা। ২০১৫-১৬চনত বেংকটোৱে কাৰ্যক্ৰম আৰম্ভ কৰিছিল আৰু চলিত বৰ্ষৰ আগষ্টত প্ৰতিষ্ঠানটোৰ ৫বছৰ পূৰ্ণ হব। মাত্ৰ ৫টা বছৰতে বেংকটোপ আউটলেটৰ সংখ্যা হৈছেগৈ ৪,৫৫৯টা। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ ২.০৩কোটি গ্ৰাহকক সেৱা আগবঢ়োৱা হৈছে। বন্ধন বেংকত কৰ্মৰত মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছেগৈ ৪১,৫৬৩গৰাকী।

বিগত বৰ্ষৰ ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ সঞ্চয়ৰ বহীৰ পৰিমাণ ৩৫.৩০ শতাংশ বৃদ্ধি হৈছে। বৰ্তমান মুঠ সঞ্চয়ৰ পৰিমাণ হৈছে ৬০,৬১০কোটি টকা। বৰ্ষৰ ভিত্তিত কাৰেন্ট একাউন্ট আৰু সঞ্চয় একাউন্ট(চি.এ.এছ.এ) ৪৭.৩০শতাংশ বৃদ্ধি হৈ ২২,৪৭৩কোটি হৈছেগৈ আৰু সামগ্ৰিক সঞ্চয় বহীৰ ভিত্তিত চি.এ.এছ.এ হাৰ হৈছে ৩৭.০৮ শতাংশ। অগ্ৰীম বহীত বিগত বৰ্ষৰ এই ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ ১৭.৬৮শতাংশ বিকাশ ঘটিছে। বৰ্তমান মুঠ আগধনৰ পৰিমাণ হৈছে ৭৪,৩৩১কোটি টকা। বেংকটোৰ মুঠ এন পি এৰ পৰিমাণ হৈছে ০.৪৮শতাংশ।

বেংকটোৰ স্থিৰতাৰ সূচাংক কেপিটেল এডেকুৱেচী ৰেট চমুকৈ চি এ আৰ হৈছেগৈ ২৭.২৯শতাংশ। লাভ্যাংশকে ধৰি স্বাভাৱিকতকৈ ১০.৮৭৫শতাংশ অধিক। বেংকটোৰ মুঠ লাভৰ পৰিমাণ হৈছে ৫৫০কোটি টকা, যি পূৰ্বৰ ত্ৰৈমাসিকতকৈ ৬.৩৮শতাংশ বেছি।

এই ফলাফলৰ বিষয়ে বেংকটোৰ এম ডি তথা কাৰ্যবাহী সঞ্চালক চন্দ্ৰ শেখৰ ঘোষে কয়, চলিত বছৰৰ প্ৰথম ত্ৰৈমাসিকৰ সম্পূৰ্ণ সময়চোৱাত দেশ লকডাউনৰ অধীনত আছে। এই সময়চোৱাতে চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি আমাৰ শাখাবোৰ কাৰ্যকৰী হৈ আছে। প্ৰত্যাহ্বানজনক সময়তো আমি আমাৰ গ্ৰাহকক অবিৰতভাৱে সেৱা আগবঢ়াই আহিছো। এই ত্ৰৈমাসিকৰ ফলাফলৰ জৰিয়তে বন্ধন বেংকৰ প্ৰাণোচ্ছল চৰিত্ৰ পুনৰ প্ৰতিষ্ঠিত হল। আমাৰ ওপৰত বিশ্বাস অটুট ৰখাৰ বাবে আমি গ্ৰাহক, শুভাকাংক্ষী আৰু অংশীদাৰসকলৰ প্ৰতি কৃতজ্ঞ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in