নাগালেণ্ড, অৰুণাচলত বন্ধ সৰ্বাত্মকঃ মেঘালয়-মিজোৰাম-মণিপুৰটো ব্যাহত জনজীৱন

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ অসমৰ লগতে নাগালেণ্ড অৰুণাচলতো বন্ধ সৰ্বাত্মক ভাৱে পালিত হৈছে। আছু, নেছ'ৰ আহ্বান আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ নেতৃত্ববহনকাৰী সংগঠনসমূহৰ সমৰ্থনত অৰুণাচল-নাগালেণ্ডত শান্তিপূৰ্ণভাৱে এই বন্ধ পালিত হোৱাৰ বিপৰীতে অসমত বন্ধ সমৰ্থকে উগ্ৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত বিক্ষিপ্তভাৱে একাংশ সমৰ্থক আক্ৰমণাত্মক হৈও পৰে। ঠায়ে ঠায়ে টায়াৰ কেৰাচিন তেল ঢালি পুৱতি নিশাৰে পৰা পথ অৱৰোধ কৰাত ৫বজাৰ পূৰ্বৰে পৰা নৈশ বাছসহ সামগ্ৰী পৰিৱাহী শ শ যানবাহন বিভিন্ন স্থানত আৱদ্ধ হৈ পৰে।

অসমৰ বিভিন্ন জিলাৰ সদৰৰ লগতে গুৱাহাটী মহানগৰীটো একাংশ উগ্ৰ বন্ধ সমৰ্থনকাৰীৰ আক্ৰমণত বহু যানবাহন ক্ষতিগ্ৰস্ত হয়। এনেবোৰ বিক্ষিপ্ত ঘটনাৰ বাহিৰে বন্ধৰ এই সময়চোৱাত চৰকাৰী বে- চৰকাৰী কাৰ্যালয়ৰ উপৰি ৰাজহুৱা পৰিবহনৰ লগতে ব্যক্তিগত যানবাহন সমূহৰ চলাচল আৰু দোকান বজাৰ সমূহ বন্ধ থাকে। ইফালে মেঘালয়ৰ ৰাজধানী শ্বিলংত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰে। বিশেষকৈ মেঘালয় চৰকাৰৰ কেবিনেটে কোনো চৰ্ততে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা ন'হব বুলি গ্ৰহণ কৰা সিদ্ধান্ত আৰু উত্তৰ পূৰ্বৰ সকলো চৰকাৰকে কেন্দ্ৰীয় চৰকাৰৰ এনে খিলঞ্জীয়া বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ বাবে ঐক্যবদ্ধভাৱে উলাই আহিবলৈ জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিততে মেঘালয়বাসী বহু পৰিমাণে আস্বস্ত হৈ আছে।

তৎসত্বেও নেছ'ই জনোৱা উত্তৰ পূৰ্বাঞ্চল বন্ধৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই ৰাজ্যখনৰ আন প্ৰান্তৰ লগতে ৰাজধানী চহৰ শ্বিলংটো দোকানবজাৰ যানবাহনৰ চলাচল প্ৰায় বন্ধ হৈ থকাৰ লগতে চৰকাৰী বে- চৰকাৰী একাংশ প্ৰতিস্থানো বন্ধ আছে। ত্ৰিপুৰাত বন্ধৰ বিশেষ প্ৰভাৱ পৰা নাই যদিও মণিপুৰ মিজোৰামৰ ইম্ফল আৰু আইজল চহৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। অৱশ্যে চুুবুৰীয়া ৰাজ্যসমূহৰ পৰা কোনো বিক্ষিপ্ত ঘটনাৰ খবৰ দুপৰীয়া ১২ বজাৰলৈকে অহা নাই। সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বতঃস্ফুৰ্টভাৱে পালিত হৈছে বন্ধ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in