গুৰুজনাৰ ৫৭১ সংখ্যক আৰ্বিভাৱ তিথিৰ উপলক্ষে জ্যোতিনগৰ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ কীৰ্ত্তনঘৰত উখল-মাখল পৰিৱেশ, চাওক VIDEO…

গুৰুজনাৰ ৫৭১ সংখ্যক আৰ্বিভাৱ  তিথিৰ উপলক্ষে জ্যোতিনগৰ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ কীৰ্ত্তনঘৰত উখল-মাখল পৰিৱেশ, চাওক VIDEO…

ডিজিটেল সংবাদ, গুৱাহাটীঃ দুৰ্গা পূজাৰ আনন্দ-উল্লাহৰ মাজতে আহি পালে গুৰুজনাৰ আৰ্ৱিভাৱ তিথি। পূজাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া পূৰ্ণদমে চলিছে মহাপৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৰ্ৱিভাৱ তিথি প্ৰস্তুতি।

গুৰুজনাৰ আৰ্ৱিভাৱ তিথিৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে বামুনীমৈদাম জ্যোতিনগৰ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ উদ্যোগত এইবাৰো আয়োজন কৰা হৈছে ৫৭১ সংখ্যক আৰ্ৱিভাৱ মহোৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই মহোৎসৱ সোমবাৰে পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয়।

পতাকা উত্তোলনৰ পাচতে দিনৰ ভাগত নাম প্ৰসংগ, বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়াভাগলৈ গুৰুজনাৰ ৫৭১ সংখ্যক আৰ্ৱিভাৱ তিথিৰ উপলক্ষ্যে আয়োজন কৰা ৩ দিনীয়া মহোৎসৱখনিৰ শুভ উদ্বোধন কৰে আৰ্ৱিভাৱ মহোৎসৱ সমিতিৰ সভাপতি অৱনীৰঞ্জন পাঠকে।

সন্ধিয়া ৭.৩০ মিনিটৰ পৰা আৰম্ভ হোৱা উৰিয়া নৃত্যই সোমবাৰৰ সন্ধিয়াটি অধিক জীপাল কৰি তোলে। উল্লেখ্য যে, এই নৃত্য পণ্ডিত বাণীভূষন শাস্ত্ৰীৰ নেতৃত্বত উৰিষ্যাৰ শাস্ত্ৰী গুটিপুৱা আৰু ওচিডি নৃত্য পৰিষদৰ শিল্পীবৃন্দই পৰিৱেশন কৰে। উৰিয়া নৃত্যৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক গোষ্ঠীৰ শিল্পীবৃন্দই ভক্ত প্ৰহ্লাদ শীৰ্ষক এখনি নৃত্য নাটিকাও প্ৰৰ্দশন কৰে।

ইফালে ৮ ছেপ্তেম্বৰ অথাৎ মঙলবাৰেও আছে কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী। পুৱাই উৰ্ষা কীত্তনেৰে আৰম্ভ হব দ্বিতীয় দিনাৰ কাৰ্যসূচী। পুৱা ৯.৩০ বজাত ভাগৱত লৈ এক শোভাযাত্ৰাৰ দিহা কৰিছে আয়োজক সমিতিয়ে। দিনৰ ভাগত বিভিন্ন কাৰ্যসূচীৰ পাচত সন্ধিয়া ৮ বজাত বিপ্ৰ দামোদৰ ভাওনা প্ৰদৰ্শন হব। এই ভাওনাত উদ্বোধনৰ সময়ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

শেষৰ দিনা অথাৎ ৯ ছেপ্তেম্বৰত নাম প্ৰসংগৰে আৰম্ভ হব কাৰ্যসূচী। আবেলি ৩.৩০ বজাত ধৰ্ম্মালোচনাৰ লগতে বটাঁ বিতৰণী সভা অনুষ্ঠিত হব। আলোচনা সভাখন সভাপতিত্ব কৰিব হৰিশ হালৈয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট গৱেষক, সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী।

মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব আলোচনা সভাখনত। সন্ধিয়া নাম প্ৰসঙ্গ, শংকৰী কলা-কৃষ্টি প্ৰৰ্দশন অনুষ্ঠানটি উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে।

গুৰু জনাৰ ৫৭১ সংখ্যক আৰ্ৱিভাৱ মহোৎসৱখনিত তিনিওদিনাৰ কাৰ্যসূচীতে ভক্তপ্ৰেমী ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে আয়োজক সমিতিৰ সভাপতি অৱনীৰঞ্জন পাঠক, সম্পাদক ৰবীন্দ্ৰ নাথ দাসৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে হৰিশ হালৈ আৰু ডালিম দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in