বামুনীগাঁৱত বন বিভাগৰ অভিযানঃ নম্বৰ বিহীন ডি আই সহ ৪৮টা শালৰ কুণ্ডা জব্দ…

বামুনীগাঁৱত বন বিভাগৰ অভিযানঃ নম্বৰ বিহীন ডি আই সহ ৪৮টা শালৰ কুণ্ডা জব্দ…


ডিজিটেল সংবাদ, বকোঃ পশ্চিম কামৰূপৰ বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বামুনীগাঁৱত বনবিভাগে যোৱা ৬আগষ্টৰ পৰা বন ধ্বংসকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়।বামুনীগাঁৱ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে চলোৱা এই অভিযানত যোৱা নিশা গলেবোকা গাঁৱত বৃহৎ পৰিমাণৰ শালৰ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

৪৮ টা কুণ্ডা এখন নম্বৰ বিহীন ডি আই গাড়ীৰে কঢ়িয়াই লৈ আহি থাকোতে গাড়ী সহ কুণ্ডা কেইটা জব্দ কৰে। বাট-পথ নথকা অতি দুৰ্গম আৰু স্পৰ্শকাতৰ এলেকাৰ লগতে ম'বাইলৰ টাৱাৰ পৰ্যন্ত নোপোৱা পাহাৰীয়া এলেকাটোত বনবিভাগৰ দলটোৱে অভিযানৰ সময়ত নানান দুৰ্যোগৰ সন্মুখীন হ'ব লগীয়া হোৱা বুলি জনায়।

আনকি জব্দ কৰা কাঠৰ কুণ্ডাবোৰ শ্ৰমিক লগাই, ব্যক্তিগত ভাড়াতীয়া বাহনেৰে আনি বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়ত জমা কৰে বুলি বন বিষয়া কুশল দাসে জানিবলৈ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in