বাক্সাৰ শালবাৰীৰ নতুন বৰলাত বিশেষভাৱে সক্ষম বিদ্যালয়ৰ ছাত্ৰীক ধৰ্ষণ আৰু অপহৰণৰ অপচেষ্টা নিজ বৰদেউতাকৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ,শালবাৰীঃ বাক্সা জিলাৰ শালবাৰীৰ জালাহ আৰক্ষী চকীৰ অন্তৰ্গত নতুন বৰলাত সংঘটিত হৈছে এক জঘন্য ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত দধিৰাম ঠাকুৰীয়া হাইস্কুলৰ দশম শ্রেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ আৰু অপহৰণৰ অপচেষ্টা নিজ বৰদেউতাকৰ৷

পশ্চিম খাগ্ৰাবাৰীস্থিত দধিৰাম ঠাকুৰীয়া হাইস্কুলৰ এগৰাকী দশম শ্ৰেণীৰ নতুন বৰলা গাঁৱৰ ছাত্ৰী শুকুৰবাৰে বিয়লি বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত নিজ বৰদেউতাক নতুন ভোটেপোৱাবড়ী নিবাসী প্ৰভাত দাসে পথাৰৰ মাজত জনশূন্য পথত ছাত্ৰী গৰাকীক অপদস্থ কৰে। দেহৰ বস্ত্ৰ ফালি দিয়ে আৰু বাইকেৰে আন ঠাইলৈ নিবলৈ চেষ্টা চলাওতে এজন চাইকেলেৰে অহা পথিকে ৰক্ষা কৰে ছাত্ৰী গৰাকীক।

পিছত প্ৰভাত দাসে চেগ বুজি সেই ঠাই পৰিত্যাগ কৰি পলাই যায়। এইফালে ছাত্ৰী গৰাকীৰ পিতৃ নতুন বৰলাৰ মনোহৰ দাসে ছাত্ৰী গৰাকীৰ সহিতে গৈ জালাহ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উল্লেখ্য যে ছাত্ৰী গৰাকী বিশেষ ভাবেহে সক্ষম।

আনহাতে ছাত্ৰী গৰাকীয়ে অভিযোগ দিয়া অনুসৰি বৰদেউতাক প্ৰভাত দাসৰ কথা অনুযায়ী শুকুৰবাৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল নাথ আৰু বিদ্যালয়ৰ কাৰ্যালয় সহায়ক জগদীশ দাসে ছাত্ৰী গৰাকীক দশম শ্রেণীৰ পৰিবৰ্তে নৱম শ্ৰেণীত বহিব দিয়ে আৰু পিছত বিদ্যালয়ৰ পৰা ঘৰলৈ যাবলৈ কয়। এইফালে ছাত্ৰী গৰাকীক অপদস্থ কৰা প্ৰভাত দাস সম্প্ৰতি পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in