বাক্সাৰ চেপনাত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস পালন…

বাক্সাৰ চেপনাত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস পালন…

ডিজিটেল সংবাদ, শালবাৰীঃ সমগ্ৰ বিশ্বৰ লগতে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত চেপনাত বুধবাৰে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বাক্সাৰ অগ্ৰণী প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন মানাহ মাউজিগেন্দ্ৰি ইক' টুৰিজ্যিম ছছাইটিৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংগঠন আৰণ্যক, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, বন বিভাগ আৰু বড়োলেণ্ড টুৰিজ্যিমৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস৷

এই উপলক্ষে ৰাতিপুৱা ৯ বজাত এবছুৰ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে আদৰণি ভাষণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পাছতে এবছুৰ সভাপতি প্ৰমোদ বড়োৰ সভাপতিত্বত দিৱসৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত সভা উদ্বোধন কৰে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত বন সংৰক্ষক চি আৰ ভোব্ৰাই ৷ সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকি দিৱসৰ ওপৰত বক্তব্য ৰাখে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত পিচিচিএফ বিকাশ ব্ৰহ্মই ৷

ইয়াৰোপৰি সভাখনত ভাৰতীয় বন সেৱা বিষয়া ৰিতেশ ভট্টাচাৰ্য, মানাহৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়ো, মানাহৰ উপ ক্ষেত্ৰ সঞ্চালক ৰঘুনাথ বড়োকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্ৰকৃতি-পৰিৱেশ-বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷

ইফালে 'পাখিৰাম প্লেনটেচন প্ৰগ্ৰাম' শীৰ্ষক এক কাৰ্যসূচীৰ জৰিয়তে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ চেপনা অঞ্চলত আজি ৰোপণ কৰা হয় দহ সহস্ৰাধিক গছপুলি ৷ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ককলাবাৰী সমষ্টিৰ এমচিএলএ অনিপ বসুমতাৰীয়ে ৷

উল্লেখযোগ্য যে ভূটান পাহাৰৰ পাদদেশৰ মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত উক্ত অঞ্চলটোত বিভাগীয় গুৰুত্বহীনতাৰ ফলতে বনাঞ্চল ধ্বংস হৈ পৰিছিল ৷ বুধবাৰৰ এই গছপুলি ৰোপণৰ জৰিয়তে ঠাইখিনিলৈ নিকট ভৱিষ্যতে পুনৰ আগৰ পৰিৱেশ ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে ৷ অনুষ্ঠানত মানাহ মাউজিগেন্দ্ৰি ইক' টুৰিজ্যিম ছছাইটি, আৰণ্যক, এবছুৰ বাক্সা জিলা সমিতি তথা ককলাবাৰী চাপাগুৰি সমিতিৰ নেতা-সদস্য আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in