বাক্সাত অজগৰ উদ্ধাৰ

বাক্সাত অজগৰ উদ্ধাৰ

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত নাওশালী ঘোগাপাৰত দেওবাৰে নিশা উদ্ধাৰ কৰা হয় এডাল অজগৰ৷ নিশা প্ৰায় ১০ বজাত স্থানীয় লোকে গাঁওখনৰ ৰাস্তাত 'বাৰ্মিজ ৰক পাইথন' প্ৰজাতিৰ এই অজগৰটো জীৱন্তে ধৰে৷

ইয়াৰ পাছতে ঘটনাৰ খবৰ পাই  শালবাৰীৰ সংবাদিক ৰূপক দাসে ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ সহযোগত অজগৰটো উদ্ধাৰ কৰে। আজি ৰাতিপুৱা অজগৰটো মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়াৰ বাবে বাক্সাৰ প্ৰকৃতিপ্ৰেমী সংগঠন মানাহ মাউজিগেন্দ্ৰি ইক' টুৰিজ্যিম ছ'চাইটিৰ হাতত অৰ্পণ কৰে৷ পৰৱৰ্তী সময়ত মানাহত অজগৰটো মুকলি কৰি দিয়া হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in