বাক্সাৰ শালবাৰীৰ বনগাঁও-ডাঙৰীগাঁওত বন্যহস্তীৰ তাণ্ডৱ…

বাক্সাৰ শালবাৰীৰ বনগাঁও-ডাঙৰীগাঁওত বন্যহস্তীৰ তাণ্ডৱ…

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ শিমলাত মানাহৰ বন্যহস্তীৰ তাণ্ডৱ৷ শিমলা থানাৰ অন্তৰ্গত বনগাঁও-নাওঁপুতা,কৰেবাৰী,ডাঙৰীগাঁও আদি অঞ্চলত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটি বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই সমগ্ৰ অঞ্চলটোতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে৷

খাদ্যৰ সন্ধানত মানাহৰ ঘন জংঘলৰ পৰা ওলাই অহা হাতীটোৱে প্ৰথমে বনগাঁওত প্ৰৱেশ কৰি দোকান-ঘৰ ভঙাৰ উপৰি গাঁওখনৰ মচি নাৰ্জাৰী আৰু সত্ৰাশ বসুমতাৰী নামৰ লোক দুজনৰ বাসগৃহ দুটা ভাঙি চুৰমাৰ কৰে৷

তাৰ পিছতেই সমীপৰ ডাঙৰীগাঁওত আন এটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীটোৱে৷ পৰৱৰ্তী সময়ত মানাহৰ বনকৰ্মী,শিমলা থানাৰ আৰক্ষী,মানাহ মাউজিগেন্দ্ৰি ইক'টুৰিজিম ছচাইটিৰ সদস্য আৰু স্থানীয় ৰাইজে মিলি হাতীটোক বনাঞ্চললৈ উভতাই নিবলৈ সক্ষম হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in