বাক্সাৰ আনন্দ বজাৰত অবৈধ শিল-বালি চালানৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ

বাক্সাৰ আনন্দ বজাৰত অবৈধ শিল-বালি চালানৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, বাক্সাঃ সোমবাৰে বাক্সাৰ আনন্দবজাৰত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অবৈধ তথা চালান বিহীনভাৱে আৰক্ষী-ফ'ৰেষ্ট মহলক মেনেজ কৰি বাক্সাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰৰ মাজেৰে ট্ৰাক, ট্ৰেক্টৰ আদিৰে শিল-বালি কঢ়িওৱাৰ ফলত ভকুৱামাৰী-আনন্দ বজাৰ-সাউদৰভিঠা পথটো ঠাইয়ে ঠাইয়ে ভাগি-ছিগি অভিযোগেৰে আৰক্ষী-ফ'ৰেষ্ট মহলৰ বিৰুদ্ধে সৰৱ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ।

আনন্দ বজাৰৰ পল্লা নৈৰ দলঙৰ পৰা নাতিদূৰৈত স্থানীয় ৰাইজে মূল পথটোৰ এটা অংশ চাৰিচকীয়া যান-বাহন চলাচল কৰিব নোৱাৰাকৈ বন্ধ কৰি দিয়ে৷ ৰাইজৰ অভিযোগ অনুসৰি ভকুৱামাৰী-আনন্দ বজাৰ-সাউদৰভিঠা মূল গড়কাপ্তানি পথটোৰে প্ৰতিদিনে ২০০ৰো অধিক অবৈধভাৱে শিল-বালি কঢ়িওৱা যান-বাহন চলাচল কৰে আৰু স্থানীয় আনন্দ বজাৰ আৰক্ষীয়ে প্ৰতিখনৰ বাবদ ১০০ টকাকৈ আৰু ফ'ৰেষ্ট মহলে ১৫০টকাকৈ সংগ্ৰহ কৰি ৰমৰমীয়া বেহা চলাই গৈছে।

কিন্তু মূল পথটো সম্প্ৰতি ভাগি-ছিগি সাধাৰণ ৰাইজৰ যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে৷ যাৰ বাবে আজি স্থানীয় ব্যৱসায়ী-ৰাইজ ওলাই আহি পথচোৱা বন্ধ কৰি দিয়াৰ লগতে আনন্দ বজাৰ আৰক্ষী মুৰ্দাবাদ,ফৰেষ্ট মহল মুৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in