শেহতীয়া খবৰ
বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ... • ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ... • ৰাজ্যত পুনৰ ১৫ জন নতুন কোৰোনা ৰোগী চিনাক্ত • অপৰূপ সৌন্দৰ্য, নিশাৰ ভিতৰতে কেনেকৈ সলনি হ'ল কলঙৰ পানীৰ ৰং, চাওঁক VIDEO • ৰুদ্ৰ ৰূপ লৈছে কপিলীয়ে, ছিঙিলে ২ টা মথাউৰি, বাসগৃহৰ ভিতৰতো সোমাল পানী, VIDEO • ভয়ংকৰ দৃশ্য! আপুনি পূৰ্বে নেদেখা বিস্ফোৰণ প্ৰত্যক্ষ কৰক, VIDEO

টেট পৰীক্ষা, নাগৰিকত্ব সংশোধনী বিধেয়ক, ইউচিচি, পঞ্চায়তীৰাজ, দুই সন্তান নীতিৰ বিৰোধিতাঃ বৈঠালাংছʼত কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল

457

ডিজিটে সংবাদ, বৈঠালাংছঃ বৈঠালাংছʼত কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল। টেট পৰীক্ষা, নাগৰিকত্ব সংশোধনী বিধেয়ক, ইউচিচি, পঞ্চায়তীৰাজ, দুই সন্তান নীতিৰ তীব্ৰ বিৰোধিতা ছাত্ৰ সন্থাৰ। পশ্চিম কাৰ্বি আংলং জিলাত কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেণ জিলা সমিতিয়ে শুকুৰবাৰে সন্ধিয়া জোঁৰ সমদল উলিয়াই এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼত কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেণ জিলা সমিতিৰ সভাপতি ৰামছিং টকবি, সম্পাদক মেথিউ ইংতি, মুখ্য উপদেষ্টা ছাৰছিং ইংলেঙে অংশ গ্ৰহণ কৰা উক্ত জোঁৰ সমদলত সাত শতাধিক ছাত্ৰ নেতা কৰ্মীয়ে অংশ লয়। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ টেট পৰীক্ষাৰ পৰিৱৰ্তে কাৰ্বি আংলং জিলাত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা, পাৰ্বত্য জিলাত পঞ্চায়তীৰাজৰ বিৰোধিতা কৰাৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক, ইউচিচি আৰু চৰকাৰৰ দুই সন্তান নীতিৰ তীব্ৰ বিৰোধিতা কৰি ছাত্ৰ সংগঠনটোৱে এই জোঁৰ সমদল বাহিৰ কৰে।

জোঁৰ সমদলৰ সময়ত ছাত্ৰ সংগঠনটোৱে বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, কাৰ্বি ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে উত্থাপন কৰা দাবীসমূহ চৰকাৰে শীঘ্ৰে সমাধান নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰ সংগঠনটোৰ উপদেষ্টা ছাৰছিং ইংলেঙে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি