বিধেয়কৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত তিনিশৰো অধিক অগপ কৰ্মীৰ জোৰ সমদল

বিধেয়কৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত তিনিশৰো অধিক অগপ কৰ্মীৰ জোৰ সমদল

ডিজিটেল সংবাদ, বাইহাটাঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ৰ বিৰুদ্ধে বাইহাটা চাৰিআলি জোৰ লৈ ওলাই আহিল তিনিশৰো অধিক অগপ কৰ্মী ।শ শ পুৰুষ মহিলাই বাইহাটা চাৰিআলিৰ মাজমজিয়াত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।

 অসম গণ পৰিষদৰ কমলপুৰ সমষ্টিৰ সমূহ  কৰ্মীয়ে জোৰ সমদল উলিয়াই বিধেয়ক খন বাতিলৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰে বাইহাটা চাৰিআলিৰ চাৰিওটা পথ। জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্ৰে বাতিল নকৰিলে জংগী আন্দোলনৰ হুংকাৰ আঞ্চলিক দলটোৰ কৰ্মকৰ্তা সকলৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in