এটা সপোন থাকি গ’ল বাজপেয়ীৰ…

এটা সপোন থাকি গ’ল বাজপেয়ীৰ…

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ আধৰুৱা সপোন বুকুত লৈয়ে মহাপ্ৰস্থান কৰিলে তেওঁ। এক সপোন বাস্তৱত পৰিণত কৰিবলৈ তেওঁ লৈছিল বিশেষ পদক্ষেপ। সেই সপোন বাস্তৱ হ'বলৈ আৰু মাত্ৰ কিছুদিন বাকী থকা অৱস্থাতে অজান ঠাইলৈ গুচি গ'ল তেওঁ।

২০০২ চনত দেশৰ ভিতৰতে গুৰুত্বপূৰ্ণৰূপে বিবেচিত বগীবিল দলঙৰ নিৰ্মান কাৰ্য আৰম্ভ কৰি এক নতুন সুৰুজ উদয়ৰ ইংগিত দিছিল তেওঁ। কিন্তু সেই কাম সম্পূৰ্ণ হোৱাৰ খবৰলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে বিদায় মাগিলে ভাৰতৰত্ন গৰাকীয়ে।

এনে এক সন্ধিক্ষণত স্বাভাৱিকতে ডিব্ৰুগড়ত শোকৰ বন্যা বৈছে। তিনিবাৰকৈ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথাই কৈছো। ডিব্ৰুগড়ৰ লগত এক বিশেষ স্মৃতি জড়িত হৈ আছিল তেওঁৰ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী এছ ডি দেৱগৌডাই ১৯৯৭ চনৰ ২২ জানুৱাৰীত বগীবিল দলঙৰ আধাৰৰ শিলা স্থাপন কৰিছিল যদিও অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী কালতহে দলংখনৰ কাম আৰম্ভ হৈছিল। অটল বিহাৰী বাজপেয়ীৰ সপোনৰ ৰাষ্ট্ৰীয় প্ৰকল্প আছিল বগীবিল দলং প্ৰকল্প।

যাৰ বাবে ডিব্ৰুগড়লৈও আহি চৌকিডিঙ্গী খেলপথাৰৰ পৰাই হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত বোটাম টিপি দলং খনৰ কাম আৰম্ভ কৰিছিল অটল বিহাৰী বাজপেয়ী। পিছে ৪.৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন সম্পূৰ্ণ হোৱাৰ পূৰ্বেই জীৱন নাট সামৰিলে তেওঁ। কেন্দ্ৰৰ ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইয়ে ২০১৭ চনৰ ২৫ ডিচেম্বৰত অৰ্থাৎ অটল বিহাৰী বাজপেয়ীৰ জন্মদিনতে কেক্ কাটি দলংখন উদ্বোধন কৰিবলৈ ব্যৱস্থা কৰিব বুলি বিগত সময়চোৱাত ঘোষণা কৰিছিল।

কিন্তু সেই ঘোষণা অসাৰ হ'ল। নিৰ্মান কাৰ্য চূড়ান্ত মন্থৰ গতিত চলাত যোৱা ২৫ ডিচেম্বৰত বগীবিল দলং উদ্বোধন কৰিবলৈ সক্ষম নহল। অহা অক্টোবৰত সম্পূৰ্ণ তীখাৰে নিৰ্মিত দুখলপীয়া দলং খন মুকলি কৰাৰ কথা আছিল যদিও সেই দিন সলনি কৰি ২০১৮ ৰ ২৫ ডিচেম্বৰতে তথা বাজপেয়ীৰ জন্মদিনতে দলংখন দেশবাসীৰ বাবে উৎসৰ্গা কৰাৰ কথা আছিল।

কিন্তু সেই সপোন বাস্তৱত দেখা বা সেই খবৰ লাভ নকৰাকৈয়ে ইহ সংসাৰ ত্যাগ কৰিলে একালত বগীবিল দলং প্ৰকল্পৰ গুৰি ধৰোঁতা অটল বিহাৰী বাজপেয়ীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in