বাঘমাৰা পঞ্চায়তত ৰাইজৰ প্ৰতিবাদ, পঞ্চায়ত সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ…

বাঘমাৰা পঞ্চায়তত ৰাইজৰ প্ৰতিবাদ, পঞ্চায়ত সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ…

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ সমীপৰ বৰপেটা জিলাৰ অন্তৰ্ভুক্ত বাঘমাৰা অঞ্চলৰ ৰাইজে আজি ১২৮ নং বাঘমাৰা গাঁৱ পঞ্চায়তত নতুনকৈ কাৰ্যভাৰ ল'বলৈ অহা পঞ্চায়ত সচিবৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি তেওক কাৰ্যভাৰ লোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷

গাঁও পঞ্চায়তৰ সচিব শৈলেন তালুকদাৰে সোমবাৰে বাঘমাৰা গাঁও পঞ্চায়তৰ সচিবৰ দায়িত্ব ল'বলৈ অহাৰ প্ৰাকক্ষণত সচিব গৰাকীয়ে উক্ত পঞ্চায়তত পূৰ্বৰ কাৰ্যকালত বিভিন্ন অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ ৰাইজে সচিব শৈলেন তালুকদাৰক বাঘমাৰা পঞ্চায়তৰ সচিবৰ দায়িত্ব পুনৰ নিদিবলৈ বিভাগটোক দাবী উত্থাপন কৰি শৈলেন তালুকদাৰ গ' বেক, শৈলেন তালুকদাৰক নতুনকৈ যোগদান কৰিবলৈ দিয়া নহ'ব, শৈলেন তালুকদাৰ মুৰ্দাবাদ আদি শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

বাঘমাৰা পঞ্চায়ত কাৰ্যালয়ৰ সমুখত ৰূপায়ণ কৰা এই কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in