ফ্ৰী ফায়াৰ মোবাইল গেমৰ বাবেই আত্মহত্যা বাদুলিপাৰাৰ কিশোৰৰ..

ফ্ৰী ফায়াৰ মোবাইল গেমৰ বাবেই আত্মহত্যা বাদুলিপাৰাৰ কিশোৰৰ..

ডিজিটেল সংবাদ বোকাখাতঃ কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত একোটা এনড্ৰয়ড মোবাইল ফোন ছাত্ৰ -ছাত্ৰীৰ হাতত তুলি দি শিক্ষাৰ দিশত এহাতেদি ভাল ফল পোৱা গৈছে যদিও আনহাতেদি এই এনড্ৰয়ড ফোনেই কোনো ছাত্ৰ-ছাত্ৰীৰ বাবে হৈ পৰিছে প্ৰাণঘাতি।এনে কথাকেই প্ৰমান কৰি ম'বাইলত খেলা ফ্ৰী ফাইয়াৰ নামৰ খেলে ২৫ আগষ্টত বোকাখাত মহকুমাৰ বাদুলিপাৰৰ ৰঙামাটি চেউনী গাঁৱৰ ত্ৰিদিপ ৰঞ্জন বৰবৰা নামৰ এজন ষোল্ল বছৰীয়া কিশোৰৰ প্ৰাণ কাঢ়ি নিয়াৰ ঘটনাই চিন্তিত কৰি তুলিছে অঞ্চলবাসীক।

উল্লেখযোগ্য যে, অজিত বৰবৰা আৰু গীতাঞ্জলি বৰবৰাৰ দ্বিতীয় পুত্ৰ ত্ৰিদিপে ফ্ৰী ফায়াৰ গেম খেলি কোনো অজ্ঞাত ব্যক্তিৰ ওচৰত হৈছিল ৪ হাজাৰ টকাৰ ধৰুৱা।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মৃত কিশোৰজনে এই খেল দীৰ্ঘদিনৰ পৰা খেলি আছিল পিতৃ-মাতৃৰ অগোচৰে। অৱশ্যে পৰিয়ালৰ লোকে এই বিষয়ে পলমকৈ হ'লেও জানিব পাৰি নিজ পুত্ৰক বাৰম্বাৰ বুজনি দিছিল এই খেলৰ পৰা আঁতৰত থাকিবলৈ। কিন্তু ধাৰৰ বোজা আৰু মানসিক হতাশাত কিশোৰজনে বাছি ল'লে আত্মহত্যাৰ দৰে চূৰান্ত পথ।

যোৱা ২৫ আগষ্টত কিশোৰজনে ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰিবলৈ চেষ্টা কৰাৰ সময়ত পৰিয়ালৰ লোকে প্ৰতক্ষ্য কৰি ততাতয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল যদিও পথতে শোকাৱহ ভাৱে মৃত্যু হয় কিশোৰজনৰ।ইফালে এই ঘটনাৰ পাছতেই চিন্তিত হৈ পৰিছে অঞ্চলবাসী। কিয়নো অঞ্চলটোত পিতৃ-মাতৃৰ জ্ঞাত-অজ্ঞাতসাৰে অনেক ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰী আকৰ্ষিত হৈ পৰিছে এই ঘাটক ফ্ৰি ফায়াৰ ম'বাইল খেলৰ প্ৰতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in