বেডমিণ্টনক বিদায় দি ৰাজনীতিলৈ আহিল চাইনা নেহৱাল…

বেডমিণ্টনক বিদায় দি ৰাজনীতিলৈ আহিল চাইনা নেহৱাল…

ডিজিটেল ডেস্কঃ পুনৰ ৰাজনীতিত ভৰি থলে আন এগৰাকী ক্ৰীড়াবিদে। ভাৰতৰ ৰাজনীতিত খেল পথাৰৰ পৰা গৈ সক্ৰিয় ভূমিকা পালন কৰা বহু খেলুৱৈ আছে। বৰ্তমানৰ বিজেপি সাংসদ গৌতম গম্ভীৰ, কংগ্ৰেছৰ নেতা নৱজোৎ সিং সিদ্ধু, মহম্মদ আজাহাৰুদ্দিন আদি বহু খেলুৱৈয়ে ৰাজনীতিৰে জড়িত হৈ খেলুৱৈৰ সমান্তৰালভাৱে ৰাজনৈতিক নেতা হিচাপেও পৰিচিতি লাভ কৰিছে। শেহতীয়াকৈ খেলৰ পথাৰৰ পৰা আহি ৰাজনীতিত যোগ দিয়া খেলুৱৈৰ তালিকাত সংযোজন ঘটিছে আন এটা নামৰ।

বুধবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে ভাৰতৰ বেডমিণ্টন খেলুৱৈ চাইনা নেহৱালে। দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত বুধবাৰে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধে বেডমিণ্টন খেলুৱৈগৰাকীয়ে। ইয়াৰ পূৰ্বে বিগত কিছুদিন ধৰি তেওঁৰ ৰাজনীতিত আগমণৰ বিষয়ে সৰৱ চৰ্চা চলি আছিল যদিও ৰাজনীতিত প্ৰৱেশ সম্পৰ্কত কোনো স্পষ্ট মন্তব্য কৰা নাছিল চাইনা নেহৱালে।

উল্লেখ্য যে, ৩০ বৰ্ষীয় চাইনা নেহৱালক একেৰাহে পদ্মশ্ৰী, পদ্মভূষণ, ৰাজীৱ গান্ধী খেলৰত্ন সন্মানেৰে সন্মানিত কৰিছে ভাৰত চৰকাৰে। বেডমিণ্টনত ভাৰতক কেইবাখনো আন্তৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত জয়ৰ কৃতিত্ব প্ৰদান কৰা চাইনা নেহৱালে বিজেপিত যোগ দি কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত প্ৰভাৱিত হৈয়েই ৰাজনীতিত প্ৰৱেশৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নেহৱালে কয়, 'মই নিজেই যথেষ্ট হাৰ্ড ৱৰ্ক কৰো। মই দেখি আহিছো প্ৰধানমন্ত্ৰী মোডীয়ে কিদৰে দেশৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰি আহিছে। মই তেওঁৰ কৰ্মৰাজিত প্ৰভাৱতি হৈ ৰাজনীতিত প্ৰৱেশৰ সিদ্ধান্ত লৈছিলো। সমাজৰ বাবে কিবা এটা কৰা ইচ্ছা সদায় মই পুহি ৰাখিছিলো। আজি ৰাজনীতিৰ জৰিয়তে মোৰ সেই ইচ্ছা পূৰণ হ'ব বুলি আশা কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in