দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগ নিৰাময় প্ৰতিষ্ঠানৰ তালিকাত বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ নাম, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম…

দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগ নিৰাময় প্ৰতিষ্ঠানৰ তালিকাত বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ নাম, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতৰ শীৰ্ষ ৪টা কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান। পূৰ্বে কৰ্কট ৰোগৰ ২টা বিশেষ পাঠ্যক্ৰম পৰিচালনা কৰা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নতুনকৈ সংযোজন ঘটিল ৩ টা পাঠ্যক্ৰমৰ। যাৰ বাবে দেশৰ ভিতৰতেই চৰ্চিত হৈছে প্ৰতিষ্ঠানখনৰ এই সফলতা। ভাৰতৰ লগতে এই তালিকাত থকা আন ৩খন প্ৰতিষ্ঠান হৈছে ১. মুম্বাইৰ টাটা মেম'ৰিয়েল হাস্পতাল, ২. দিল্লীৰ এইমছ, ৩. বাংগালুৰুৰ কিডৱাই মেম'ৰিয়েল ইনষ্টিটিউট অৱ অনক'লজি।

মেডিকেল কাউন্সিলৰ পৰা নতুনকৈ আৰম্ভ কৰাৰ বাবে অনুমতি লাভ কৰা ৩ টা পাঠ্যক্ৰম হৈছে, হেড এণ্ড নেক অনক'লজি, গাইনিক'লজিকেল অনক'লজি আৰু অনক'-পেথ'লজি। ইয়াৰ পূৰ্বে হাস্পতালখনত আছিল মেডিকেল অনক'লজি আৰু ছাৰ্জিকেল অনক'লজি। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেলথ্ চায়েন্সৰ অধীনত পৰিচালিত হ'ব এইসমূহ পাঠ্যক্ৰম। কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ সময়তে হাস্পতালখনৰ এই পাঠ্যক্ৰমৰ দ্বাৰা বিশেষজ্ঞৰ সংখ্যা বৃদ্ধি হ'ব বুলি ধাৰণা কৰা হৈছে।

বৰ্তমান সময়ত দেশৰ ১৩০ কোটি জনসংখ্যাৰ তুলনাত মাত্ৰ ৬৫০০ জনহে প্ৰশিক্ষিত কৰ্কট বিশেষজ্ঞ আছে। যাৰ দ্বাৰা বহু সময়ত প্ৰয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৰোগীসকল। ঠিক তেনেদৰে বৰ্তমান প্ৰয়োজন অনুপাতে ছশতকৈও অধিক টেলি-থেৰাপী যন্ত্ৰৰ অভাৱ আছে। অতি পৰিতাপৰ কথা যে, উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিবছৰে ৩৯ হেজাৰ কৰ্কট ৰোগী ধৰা পৰে। তাৰে প্ৰায় ৩০ হেজাৰ ৰোগীয়ে অসমৰ। তেনেস্থলত বিশেষজ্ঞৰ সংখ্যা কম হোৱাৰ বাবে চিন্তিত সচেতন মহল।

এনেস্থলতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ এই পাঠ্যক্ৰম কেইটাৰ দ্বাৰা চিকিৎসা ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলত নতুন দিগন্তৰ সূচনা হ'ব বুলি ধাৰণা কৰা হৈছে। অসমৰ ক্ষেত্ৰত ৭খন কৰ্কট ৰোগ চিকিৎসালয়ৰ বিপৰীতে মাত্ৰ চাৰিখনতহে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম সু-সজ্জিতভাৱে আছে।

বৃহস্পতিবাৰে কৰ্কট প্ৰতিষ্ঠানখনত আয়োজিত এক অনুষ্ঠানত সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে সংবাদমাধ্যমৰ সন্মুখত তথ্যসহকাৰে বৰ্তমান দেশত কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসা সামৰ্থ, গুৰুত্ব দিবলগীয়া দিশ, কৰণীয় ইত্যাদি সম্পৰ্কে অৱগত কৰে। তেখেতে ৫,৭০০৪৫ গৰাকী মহিলা কৰ্কট ৰোগী আৰু ৫৮৭২৪৯ গৰাকী পুৰুষ কৰ্কট ৰোগী থকাৰ কথা জানিবলৈ দিয়ে। লগতে তেওঁ এইসকল কৰ্কট ৰোগীৰ শৰীৰৰ কোন কোন স্থানত অধিক কৰ্কট ৰোগে দেখা দিছে সেই সম্পৰ্কেও কয়।

চিকিৎসক তথা সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ২০২০ চনত দেশত ১৭.৩ লাখ লোকৰ দেহত নতুনকৈ কৰ্কট ৰোগৰ কথা জানিবলৈ পোৱা গৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত সৰ্বনিম্ন ৪৪৮ গৰাকী লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ থকা ৰাজ্যখন হৈছে চিকিম। তেনেদৰে সৰ্বাধিক কৰ্কট ৰোগত আক্ৰান্ত ৰাজ্যখন হৈছে অসম।

তেওঁ লগতে কয়, সৰ্বভাৰতীয় স্তৰত প্ৰতি লাখ মানুহৰ ভিতৰত পুৰুষৰ ক্ষেত্ৰত ৮০জন লোকৰ দেহত কৰ্কট ৰোগ দেখিবলৈ পোৱা যায়। ঠিক তেনেদৰে মহিলাৰ ভিতৰত এক লাখত ১০০ গৰাকী মহিলাৰ দেহত কৰ্কট ৰোগ দেখিবলৈ পোৱা যায়। অসমৰ ক্ষেত্ৰত কামৰূপ মহানগৰত ১ লাখ লোকৰ ভিতৰত ২০৬ পুৰুষৰ দেহত কৰ্কট ৰোগ দেখিবলৈ পোৱা যায়। মহিলাৰ ক্ষেত্ৰতো কামৰূপ মহানগৰতে সৰ্বাধিক মহিলাৰ দেহত কৰ্কট ৰোগ দেখিবলৈ পোৱা যায়। সেই অনুসৰি প্ৰতি লাখত ১৭৪ গৰাকী মহিলাৰ দেহত দেখিবলৈ পোৱা যায় কৰ্কট ৰোগ।

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক গুৱাহাটীতে আছে কৰ্কট ৰোগৰ প্ৰতিষ্ঠান। তাৰ ভিতৰত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানতে আছে অধিক সুবিধা। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বৰ্তমান ১৪ হেজাৰ ৰোগী চিকিৎসাধীন হৈ আছে। ঠিক তেনেদৰে অসম চিকিৎসা মহাবিদ্যালয়ত ২০০০ গৰাকী ৰোগী, ষ্টেট কেঞ্চাৰ ইনষ্টিটিটত ৪০০০ ৰোগী, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ১০০০ ৰোগী থকাৰ লগতে কেবাখনো ব্যক্তিগত খণ্ডৰ হাস্পতালত কেবাহাজাৰ ৰোগী ভৰ্তি হৈ আছে।

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালকগৰাকীয়ে কয়, ৰাজ্যত থকা কৰ্কট চিকিৎসাৰ প্ৰতিষ্ঠানকেইখনৰ বিভিন্ন বিভাগত প্ৰয়োজনীয় ধৰণেৰে মানৱ সম্পদো নাই। কোনো কোনো প্ৰতিষ্ঠানত ছাৰ্জিকেল অনক'লজিষ্ট নথকাৰ কথাও কয় তেখেতে। ঠিক তেনেদৰে কেবাখনো প্ৰতিষ্ঠানত নাই মেডিকেল অনক'লজিষ্ট।

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ৰেডিয়েচন অনক'লজি বিভাগ আৰম্ভ হৈছিল ২০১৫ চনত। ঠিক তেনেদৰে ২০১১ চনৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসকসকলৰ প্ৰয়োজন সাপেক্ষে, ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে স্নাতকোত্তৰ ফেল'শ্বিপ পাঠ্যক্ৰম আৰম্ভ কৰিছিল। এই প্ৰসংগত প্ৰতিষ্ঠানখনৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহু লোকে ফেল'শ্বিপৰ পাঠ্যক্ৰম গ্ৰহণ কৰা বুলি কয়। লগতে তেওঁ কয়, যোৱা বছৰ আফ্ৰিকা মহাদেশৰ ৪জন চিকিৎসকে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মাৰ্ক খেল'শ্বিপ প্ৰশিক্ষণৰ বাবে শল্য চিকিৎসা বিভাগ, স্ত্ৰী ৰোগ বিভাগ, ভেষজ অনক'লজি বিভাগত যোগদান কৰে।

২০১১ চনত এই প্ৰতিষ্ঠানখনত এম এচ চি ৰেডিঅ'লজিকেল ফিজিক্স পাঠ্যক্ৰম আৰম্ভ হয়। বৰ্তমান ভাৰতৰ ২১ টা কেন্দ্ৰই এই প্ৰশিক্ষণ দিয়ে। ডাঃ ভূবনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৩৮ গৰাকী শিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ইয়াৰে ৩২ গৰাকীয়ে ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰিছে। বৃহস্পতিবাৰে কৰ্কট প্ৰতিষ্ঠানখনৰ সঞ্চালককে আদি কৰি প্ৰায় ডেৰ কুৰিৰো অধিক চিকিৎসকক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে ডাঃ অমল চন্দ্ৰ কটকীয়ে প্ৰতিষ্ঠানখনৰ অধ্যাপকসকলক তেওঁলোকৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইফালে এই আনন্দৰ মুহুৰ্ত কেক কাটি পালন কৰে হাস্পতালখনৰ কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in