শেহতীয়া খবৰ
কংগ্ৰেছৰ ৩জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা...  •  বিধানসভা নিৰ্বাচনঃ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমলাত আৰক্ষীৰ অভিযান...  •  পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকাৰ ৰেলী...  •  গৰৈমাৰীত অগপৰ মহিলা শক্তি সমাৰোহত ডাঃ কমলা কলিতা...  •  বনগাঁওৰ সমাজকৰ্মী দুলাল চন্দ্ৰ পালৰ আদ্যশ্ৰাদ্ধ,স্মৃতিচাৰণ সভাত স্মৃতিগ্ৰন্থ উন্মোচন...  •  অসম সাহিত্য সভাৰ 'সৃষ্টিৰ চ'ৰাঘৰ' শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ...  •  প্ৰাৰ্থীত্ব লাভ কৰা পাছত বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ প্ৰচাৰ ৰেলী...  •  তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা...  •  জয়ন্তমল্লক সমৰ্থন নকৰে নলবাৰীৰ ক্ষুব্ধ অগপ কৰ্মীয়ে,অতুল-কেশৱ-ফণী-বীৰেনক দগাবাজ আখ্যা  •  শব্দ-পোহৰ বিহীন,প্ৰাকৃতিক পৰিবেশত 'ৰ’দঘাই' বেবেজীয়াৰ পূৰ্ণাংগ নাট মহোৎসবৰ সফল সামৰণি...

জম্মু-কাশ্মীৰত হিমস্খলনৰ পৃথক পৃথক ঘটনাত ৩ সেনা জোৱানহস ৮ জনৰ মৃত্যু, এজন সেনা জোৱান সন্ধানহীন

125

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ মাছিল চেক্টৰত সংঘটিত হোৱা হিম স্খলনৰ পৃথক পৃথক ঘটনাত ৩ গৰাকী সেনা জোৱানসহ মুঠ ৮ জন লোকৰ মৃত্যু ঘটিছে। ইফালে এই ঘটনাত সন্ধানহীন হৈ আছে এজন সেনা জোৱান।

প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই সদৰী কৰা মতে, এলঅ’চিৰ লগতে মাছিল চেক্টৰত সেনাৰ এটা চাউনীত সংঘটিত হোৱা হিমস্খলনৰ ফলত আবদ্ধ হৈ পৰিছিল ৫গৰাকী সেনা জোৱান। এই ঘটনাৰ পিছত উদ্ধাৰকাৰী দলে ৩ গৰাকী সেনা জোৱানক মৃত অৱস্থাত আৰু এগৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন এগৰাকী জোৱান এতিয়াও সন্ধানহীন হৈ আছে।

ইফালে আৰক্ষী সূত্ৰই সদৰী কৰা মতে, সোমবাৰে নিশা জম্মু-কাশ্মীৰৰ গান্দৰবল জিলাতো হিমস্খলন ঘটে। এই ঘটনাত ৫ জন নাগৰিক নিহত হোৱাৰ লগতে ৪ জন গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে কাশ্মীৰৰ গুলমাৰ্গত বৰফত পিচল খাই ৰাজেন্দ্ৰ সিং নেগী নামৰ ভাৰতীয় সেনাৰ এজন হাৱদাল পাকিস্তান সীমাত বাগৰি পৰা বুলিও প্ৰতিৰক্ষা বিভাগৰ সূত্ৰটোৱে সদৰী কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি