অসমৰ সংবাদ মাধ্যমক লৈ কি ক’লে অষ্ট্ৰেলিয়াৰ বিশিষ্ট সাংবাদিকে…

অসমৰ সংবাদ মাধ্যমক লৈ কি ক’লে অষ্ট্ৰেলিয়াৰ বিশিষ্ট সাংবাদিকে…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত তথা অসমত বাতৰি কাকতৰ ভৱিষ্যত এতিয়াও উজ্জ্বল। ডিজিটেল সংবাদ মাধ্যমৰ উত্থানে দেশখনক আৰু অধিক আগুৱাই লৈ যাব বুলি আশা প্ৰকাশ কৰি এইদৰে কয় বিশ্বৰ প্ৰতিষ্ঠিত সাংবাদিক এলেন গ্ৰেই। অষ্ট্ৰেলিয়াৰ জনপ্ৰিয় নিউজ পৰ্টেল 'Newsblaze'ৰ সম্পাদকগৰাকীয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ 'মীট দ্য প্ৰেছ' শীৰ্ষক অনুষ্ঠানত শুকুৰবাৰে ভিডিঅ' কনফাৰেন্সযোগে ভাগ লৈ বৰ্তমানৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ মতামত দাঙি ধৰে।

'ডিজিটেলেই হওক বা ছপা, অন্যথা বৈদ্যুতিন মাধ্যম যিয়েই নহওক প্ৰকৃত সাংবাদিকে সদায় ক্ষেত্ৰভিত্তিক বাতৰি পৰিৱেশনত গুৰুত্ব আৰোপ কৰা উচিত।'- নগৈ গড়গাঁৱৰ বাতৰি লিখাৰ পৰা দায়িত্বশীল সাংবাদিক প্ৰতিটো মুহূৰ্ততে বিৰত থাকে বুলি উল্লেখ কৰি অষ্ট্ৰেলিয়ান সাংবাদিকগৰাকীয়ে কয়।

তেওঁ আৰু কয় যে ভাৰতৰ তুলনাত অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ সামগ্ৰিক পৰিৱেশ যথেষ্ট উন্নত। সাংবাদিকসকলে তাত বৃত্তিগতভাৱে পাবলগীয়া সকলোধৰণৰ সা-সুবিধা লাভ কৰে বুলিও তেওঁ সদৰী কৰে।

'অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে সৰ্বসাধাৰণৰ স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰি বাতৰি পৰিৱেশন কৰে। গঠনমূলক সমালোচনা কৰিবলৈ অষ্ট্ৰেলিয়ান মিডিয়াই কেতিয়াও সংকোচবোধ নকৰে বা বিচলিত নহয়। সময়ৰ সৈতে নিজকে খাপ খুৱাই অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে নিজকে বিশ্ব পৰ্যায়ৰ কৰি তুলিছে।'-গ্ৰেই কয়।

আনহাতে ভাৰতীয় সংবাদ মাধ্যমক লৈ সামগ্ৰিকভাৱে সন্তুষ্টি ব্যক্ত কৰিলেও দেশখনৰ সংবাদক্ষেত্ৰত সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বাবে তেওঁ আক্ষেপ প্ৰকাশ কৰে। ভাৰতীয় সংবাদ মাধ্যম বহু অদক্ষ লোকেৰে ভৰি পৰিছে বুলিও মন্তব্য কৰে অষ্ট্ৰেলিয়ান সাংবাদিকগৰাকীয়ে।

'অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমত বহু ভাৰতীয় সাংবাদিকেও অৰিহণা আগবঢ়াইছে। ভাৰতৰ পৰা বহু সাংবাদিকে লেখা-মেলা কৰে। কিন্তু এই ক্ষেত্ৰত এটা সমস্যা আছে। সেয়া হৈছে দেশখনৰ সংবাদ ক্ষেত্ৰত বহু অদক্ষ লোক সোমাই পৰিছে। ইয়াৰ বাবে প্ৰধানকৈ সংবাদ প্ৰতিষ্ঠানসমূহকে জগৰীয়া কৰিব লাগিব। অভিজ্ঞ আৰু দজ্ঞ লোকৰ ক্ষেত্ৰত অধিক ধন ব্যয় হোৱাৰ ভয়ত প্ৰতিষ্ঠানসমূহে তেনে কৰি আহিছে আৰু ইয়াৰ বিষবাষ্প বিয়পি পৰিছে সমগ্ৰ দেশখনতে।'- অভিজ্ঞ সাংবাদিকগৰাকীয়ে খেদ ব্যক্ত কৰি কয়।

উৰাবাতৰি সন্দৰ্ভতো ভাৰতীয় সংবাদ মাধ্যমক সজাগ হ'বলৈ আহ্বান জনায় অষ্ট্ৰেলিয়ান সাংবাদিকগৰাকীয়ে। 'নিজৰ পেছাক সাংবাদিকসকলে অধিক গুৰুত্বসহকাৰে ল'ব লাগিব। অন্যাথাই উৰাবাতৰিৰ প্ৰভাৱৰ পৰা হাত সাৰি থকাতো সহজ নহ'ব।'-বৰ্তমান সাংবাদিকতাৰ ক্ষেত্ৰখনত মোবাইল আৰু ছ'চিয়েল মিডিয়াই মুখ্যভূমিকা পালন কৰে বুলি সদৰী কৰি গ্ৰেয়ে কয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in