বিশ্বকাপত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত পাকিস্তান…

বিশ্বকাপত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত পাকিস্তান…

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ ১৭ সংখ্যক খেলত পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছে অষ্ট্ৰেলিয়াই। কুপাৰ এছ'চিয়েটছৰ কান্টি গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা খেলখনত পাকিস্তানে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইফালে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ ৰক্ষা কৰি টীম অষ্ট্ৰলিয়াই ৪৯ অভাৰৰ বিনিময়ত আটাইকেইটা উইকেট হেৰুৱাই ৩০৭ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰলিয়াৰ হৈ ডেভিদ ৱাৰ্ণাৰে ১১১ টা বলত ১০৭ ৰান আৰু আৰন ফিনছে ৮৪ টা বলত ৮২ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ মহম্মদ আমিৰে ৫ টা উইকেট দখল কৰে।

৩০৮ ৰাণৰ লক্ষ্য আগত ৰাখি পাকিস্তানে আটাইকেইটা উইকেট হেৰুৱাই ৪৫.৪ অভাৰৰ বিনিময়ত ২৬৬ ৰাণ সংগ্ৰহ কৰিবলৈহে সক্ষম হয়। পাকিস্তানৰ ইমাউল-ইল-হকে ৫৩ ৰাণৰ বৰঙণি আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in