অথলে গ’ল ধাৱানৰ শতক, ৪ উইকেট জয় অষ্ট্ৰেলিয়াৰ

অথলে গ’ল ধাৱানৰ শতক, ৪ উইকেট জয় অষ্ট্ৰেলিয়াৰ

ডিজিটেল ডেস্কঃ মোহালীত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ চতুৰ্থখন খেল এক ৰোমাঞ্চকৰ পৰিৱেশৰ মাজৰে অন্ত পৰে। যদিও ভাৰতীয় দলটোৱে খেলখনত পৰাজয় বৰণ কৰে, তথাপিও শেহমুহূৰ্তলৈকে অতিথি দলটোক এক তীব্ৰ চাপৰ মাজত ৰাখিবলৈ সক্ষম হয়। খেলখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে শিখৰ ধাৱানৰ শতক আৰু ৰোহিত শৰ্মাৰ অৰ্ধশতকেৰে অষ্ট্ৰিলিয়াৰ সন্মুখত ৩৫৯ ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে। ভাৰতৰ হৈ গব্বৰ শিখৰ ধাৱানে তেওঁৰ এদিন শৃংখলাৰ ১৬ সংখ্যক অৰ্জন কৰে। শিখৰ ধাৱানে ১৪৩ ৰান কৰাৰ বিপৰীতে ৰোহিত শৰ্মাই ৯৫ ৰানৰ পূৰ্ণ সহযোগ আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ হৈ ১০ অভাৰত ৭০ ৰান দি ৫ টা উইকেট দখল কৰে পট কামিনছে।

ইফালে খেলখনৰ দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই বেটিং কৰি প্ৰথম অভাৰতে এৰোন ফিন্সৰ উইকেট হেৰুৱাই তীব্ৰ চাপৰ সন্মুখীন হয়। তাৰ পিছতে চতুৰ্থ অভাৰত ভুৱনেশ্বৰ কুমাৰৰ বলত শ্বেন মাৰ্ছৰ ৰূপত অষ্ট্ৰেলিয়াই হেৰুৱাই দ্বিতীয়টো উইকেট। এক বৃহৎ লক্ষ্য আগত ৰাখি খেল আৰম্ভ কৰা অষ্ট্ৰেলিয়াক ভাৰতীয় বলাৰে তীব্ৰ চাপৰ মাজত ৰাখিবলৈ সক্ষম হয় যদিও উইকেট লাভ কৰিব নোৱাৰাটোৱে খেলখনত অষ্টেলিয়ান দলটোৰ মনোবল বৃদ্ধি কৰে।

খেলখনৰ ৩৪ অভাৰ পৰ্যন্ত কোনো উইকেট লাভ কৰা নাছিল ভাৰতীয় বলাৰে। যাৰ ফলত খেলখনত অষ্ট্ৰেলিয়াৰ জয়ৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি হৈ আহিছিল। ৩৪ নং অভাৰত যশপ্ৰীত বুমৰাহৰ বলত কুলদ্বীপ যাদৱৰ হাতত এটা সহজ কেচ তুলি দি আউট হয় উচমান খাজা। খাজাই ৯৯ বলত ৯১ ৰান কৰে।

ইফালে খেলৰ ৩৭ নং অভাৰত কুলদ্বীপ যাদৱৰ দুৰ্দান্ত স্পীনত অষ্ট্ৰেলিয়াৰ চতুৰ্থটো উইকেটৰ পতন ঘটে। এলবিডব্লিউ হোৱা গ্লেন মেক্সৱেলে দুটা ৪ আৰু এটা ৬ৰে ১৩ বলত ২৬ ৰান কৰি পেভিলিয়নমুখী হয়।

খেলখনৰ ৪২ নং অভাৰত যুজবেন্দ্ৰ চহলৰ বলত আউট হয় পিটাৰ হেন্ডচকম। ১০৫ বলত ১১৭ ৰানৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়ান দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে হেন্ডচকমে। এয়া আছিল অষ্ট্ৰেলিয়ান দলটোৰ পঞ্চমটো উইকেট। অষ্ট্ৰেলিয়াৰ হৈ এলেক্স কাৰেয়ে সংগ্ৰহ কৰে ২১ ৰান। খেলখনত অষ্ট্ৰেলিয়াৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে এছথন টাৰ্ণাৰে। মাত্ৰ ৪৩ টা বলত ৮৪ ৰান কৰি টাৰ্ণাৰে আজিৰ খেলখনত অষ্ট্ৰেলিয়াক এক ৰোমাঞ্চকৰ জয় প্ৰদান কৰে।

খেলখনত যশপ্ৰীত বুমৰাহে দুৰ্দান্ত বলিঙেৰে ৩টাকৈ উইকেট দখল কৰে যদেই অৱশেষত ৪ উইকেটত জয়ী হয় অষ্ট্ৰেলিয়ান বাহিনী। ভাৰতৰ হৈ ভুৱনেশ্বৰ কুমাৰ, কুলদ্বীপ যাদৱ আৰু চহলে এটাকৈ উইকেট লাভ কৰে। আজিৰ খেলখনত অষ্ট্ৰেলিয়ান দলটোৰ জয়লাভৰ পিছতে এদিনীয়াত ২-২ শৃংখলাৰে দুয়োটা দল সমান স্থানত উপনীত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in