ধোনীৰ ধামাকাৰে মেলব’ৰ্নত ঐতিহাসিক জয় টীম ইণ্ডিয়াৰ

ধোনীৰ ধামাকাৰে মেলব’ৰ্নত ঐতিহাসিক জয় টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলব'ৰ্ন শুকুৰবাৰে অনুষ্ঠিত হোৱা তৃতীয় তথা অন্তিমখন এদিনীয়াত ভাৰতে অষ্ট্ৰেলিয়াক ৭ উইকেটত পৰাস্ত কৰি শৃংখলা দখল কৰে। টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লোৱা ইণ্ডিয়াই অষ্ট্ৰেলিয়াক ৪৮.৪ অভাৰত ২৩০ ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য কৰায়। ২৩১ ৰাণৰ পিছা কৰি মাত্ৰ তিনিটা উইকেট হেৰুৱাই টীম ইণ্ডিয়াই ৪৯.২ অভাৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

মেলব'ৰ্নৰ এদিনীয়া শৃংখলাত দীৰ্ঘদিন ধৰি বেয়া ফৰ্মত থকা প্ৰাক্তন অধিনায়ক ধোনীয়েও দেখালে নিজৰ বেটিংৰ যাদু। তিনিদিনীয়া শৃংখলাত ধোনীয়ে প্ৰদৰ্শন কৰা খেলৰ বাবে ৮ বছৰৰ মূৰত আন্তৰাষ্ট্ৰীয় এদিনীয়াত লাভ কৰিলে 'মেন অৱ দ্য চিৰিজ'। শৃংখলাৰ ৩ খন খেলত ধোনীয়ে মুঠ ১৯৩ ৰাণ সংগ্ৰহ কৰিছিল। শুকুৰবাৰৰ তৃতীয়খন এদিনীয়াত ধোনীয়ে ১১৪ টা বলত অপৰাজিতভাৱে ৮৭ ৰাণ সংগ্ৰহ কৰে। ইফালে কেডাৰ যাদৱেও ৫৭ টা বলত অপৰাজিতভাৱে সংগ্ৰহ কৰে ৬১ ৰাণ। দুয়োজন বেটছমেনৰ ১২১ ৰাণৰ বৰঙণিৰে টীম ইণ্ডিয়াই শৃংখলা দখল কৰি অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক বিজয় সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in