সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, ধুবুৰীঃ ইংৰাজৰ সময়ত বাণিজ্যিক, অৰ্থনৈতিক আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত পশ্চিম অসমৰ ধুবুৰীক অধিক গুৰুত্ব দিয়া হৈছিল। ঠিক সেইদৰে নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত ধুবুৰীৰ সামগ্ৰিক উন্নয়নত অধিক গুৰুত্ব দিয়া হৈছে। আনকি অনাগত দিনত আধুনিক ভাৰত গঢ়াৰ ক্ষেত্ৰত অথবা বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত ধুবুৰীয়ে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বৃহস্পতিবাৰে ধুবুৰীৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ কাচখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মিত্ৰ দলৰ ফালৰ পৰা আয়োজন কৰা বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ ধুবুৰীক অধিক গুৰুত্ব দি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, চাৰি নং ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ বৃহস্পতিবাৰে মানকাচৰ আৰু গোলকগঞ্জত দুখনকৈ নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই৷ গুৱাহাটীৰ পৰা অগপ সভাপতি অতুল বৰাসহ হেলিকপ্টাৰযোগে প্ৰথমে দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ হাটশিঙিমাৰীত আয়োজিত মিত্ৰজোঁটৰ এখন নিৰ্বাচনী সভাত  অংশ লোৱাৰ পিছত গোলকগঞ্জৰ আন এখন সভাত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীয়ে।

সভাত নিজৰ ভাষণত সোণোৱালে ধুবুৰীৰ উন্নয়নত নৰেন্দ্ৰ মোডী চৰকাৰে গুৰুত্ব দিছে বাবে ৰূপচী বিমান বন্দৰ পুনৰুদ্ধাৰ হোৱাৰ বিপৰীতে এছিয়াৰ সৰ্ব বৃহৎ ধুবুৰী ফুলবাৰী দলঙৰ কাম দ্ৰুত গতিত আগবাঢ়ি থকাৰ সমান্তৰাল ভাৱে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম চলি আছে বুলি উল্লেখ কৰে। লগতে আৰু অধিক কৰিব লগীয়া আছে বাবে পুনৰ মোডী চৰকাৰ আনিবলৈ হলে নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰিব লাগিব বুলি কৈ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। আনহাতে ইংৰাজৰ সময়ত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ দাঁতিত থকা ডাঙৰ বন্দৰেদি ডিগবৈ, যোৰহাট, দুলিয়াজান, শিৱসাগৰ আদি বিভিন্ন প্ৰান্তৰ চাহ, কয়লা, তেল আদিকে ধৰি বিভিন্ন উৎপাদিত সামগ্ৰী দেশ তথা বিদেশৰ বিভিন্ন স্থানলৈ ৰপ্তানী হৈছিল৷

সেইসময়ৰ পৰাই ধুবুৰী পৃথিৱীৰ মানচিত্ৰত অত্যন্ত জনাজাত আৰু অৰ্থনৈতিক কেন্দ্ৰবিন্দু ৰূপে চিহ্নিত হৈছিল৷ কিন্তু স্বাধীনতা লাভ কৰাৰ আজি ৭০ বছৰ কাল অতিক্ৰম কৰিলে আৰু স্বাধীনতাৰ পিছৰ এই সময়ছোৱাৰ অধিক সময় ৰাজত্ব চলালে ভাৰতীয় জাতীয় কংগ্ৰেছ৷ কংগ্ৰেছৰ দিল্লীত চৰকাৰ, দিছপুৰত চৰকাৰ৷ প্ৰায় ৬০ বছৰ কাল ৰাজত্ব চলোৱাৰ পিছতো এই কংগ্ৰেছৰ চৰকাৰসমূহে অসমক গুৰুত্ব নিদিলে, ধুবুৰীকো গুৰুত্ব নিদিলে৷ ফলত অত বছৰে ধুবুৰী জিলাখন অত্যন্ত পিছপৰা জিলা হিচাৱে চিহ্নিত হৈছিল৷ ইয়াত কোনো ধৰণৰ অত্যাধুনিক সা-সুবিধা নাছিল৷ কিন্তু মোডী ডাঙৰীয়া অহাৰ লগে লগে আপোনালোকে নিজেই দেখিছে ধুবুৰীত কিমান বৈপ্লৱিক পৰিবৰ্তন হৈছে৷ আগন্তুক দিনত আধুনিক ভাৰতক বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰৰূপে গঢ়ি তুলাৰ যাত্ৰাত ধুবুৰীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে।

নিজৰ ভাষণত মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ নেতৃত্বত এছিয়াৰ সৰ্ববৃহৎ ধুবুৰী-ফুলবাৰী নদী দলঙৰ অনুমোদন, ৰূপচী বিমানবন্দৰৰ পুনৰৰ্নিমাণ, ধুবুৰীত চিকিৎসা মহাবিদ্যালয় আৰু কৰ্কট চিকিৎসালয়ৰ নিৰ্মাণৰ কাম, গোলকগঞ্জত ৰাজ্যৰ প্ৰথমটো সংখ্যালঘু ছাত্ৰীৰ বাবে  কণ্যা বিদ্যালয় নিৰ্মাণৰ পৰিকল্পনাকে ধৰি ৰাজ্যৰ এহেজাৰ খন কাঠৰ দলঙৰ পকীকৰন কৰাৰ বাবে লোৱা আঁচনিবোৰৰ কথাও উল্লেখ কৰে সোণোৱালে৷ তেওঁ কয় যে, এনেদৰে ধুবুৰী জিলাখনক ভাৰতবৰ্ষৰ মানচিত্ৰত জাকত জিলিকা জিলাৰূপে গঢ়ি তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিছে। পুনৰ মোডী চৰকাৰত প্ৰয়োজনীয়তা আছে বুলিও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

আনহাতে জাবেদ ইছলামক এইবেলি কমেও পাঁচ লাখ ভোটৰ ব্যৱধানত সাংসদ নিৰ্বাচিত কৰাবলৈ ৰাইজক আহ্বান জনাই গোলকগঞ্জ সমষ্টিৰ দুই লাখ ভোটৰ ভিতৰত এক লাখ ষাঠি হাজাৰ ভোট হাতীৰ ছবিত দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। ইফালে সভাখনত মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থকা অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই নিজৰ ভাষণত দেশ আৰু অসমৰ স্বাৰ্থত কেন্দ্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখন পুনৰ হোৱাৰ প্ৰয়োজনীয়তাৰ দিশবোৰ চমুকৈ উল্লেখ কৰি সোনোৱাল চৰকাৰ আৰু নৰেন্দ্ৰ মোডী চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে, বিগত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা ভংগ কৰাৰ পিছত বিজেপি চৰকাৰক বিভিন্ন সভা সমিতিত তীব্র সমালোচনাত মুখৰ হৈ পৰা অতুল বৰাই বৃহস্পতিবাৰে মিত্ৰতাৰ খাতিৰত পুনৰ একেখন চৰকাৰৰ হৈ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। লগতে নিজৰ ভাষণত পুনৰ মোডী চৰকাৰ গঠন কৰাৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক হাতীৰ চিনত ভোট দিবলৈ ৰাইজক আহ্বান জনাই আকৌ এবাৰ মোডী চৰকাৰ শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হয়।

সভাখনত গোলকগঞ্জৰ স্থানীয় বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী, বিজেপি নেতা তথা সমষ্টি প্ৰভাৰী ডাঃ দেৱোময় সান্ন্যাল, বিজেপিৰ জিলা সভাপতি দীপক কুমাৰ সৰকাৰ, অগপৰ জিলা সভাপতি দিলীপ সৰকাৰসহ মিত্ৰজোঁট বিজেপি আৰু অগপৰ জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়-ববীয়াসকল উপস্থিত আছিল৷ নিৰ্বাচনী সভাখনত কেইবা হাজাৰ লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in