ফেচবুকত অতুল বৰাৰ অৱস্থা কাহিল কৰিলে কোনে?

ফেচবুকত অতুল বৰাৰ অৱস্থা কাহিল কৰিলে কোনে?

ডিজিটেল ডেস্কঃ কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছুৱে জনোৱা ১১ ঘণ্টীয়া অসম বন্ধৰ অন্ত পৰিল। এই সময়চোৱাত ৰাজ্যৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই, চৰকাৰ বিৰোধী শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ মাজতে মঙলবাৰে শ্বহীদ দিৱস উপলক্ষে অগপ সভাপতি অতুল বৰাই কৰে ফেচবুকত এটা পোষ্ট।

অগপ সভাপতিগৰাকীয়ে ফেচবুক পোষ্টটোত লিখিছে- 'আজি শ্বহীদ দিৱস । এই পবিত্ৰ দিনটোত অসম আৰু অসমবাসীৰ স্বাৰ্থত আত্মবলিদান দিয়া অসম আন্দোলনৰ শ্বহীদসকলৰ মহান ত্যাগক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ । '

কিন্তু অতুল বৰাৰ এই পোষ্টটোৰ পাছতেই একাংশই তেওঁক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে। একাংশই শ্বহীদ সকলৰ ত্যাগ নুবুজা অতুল বৰাইয়ে শ্বহীদ দিৱসৰ দিনটোত শ্বহীদক সুঁৱৰিছে, এইটো হাস্যকৰ কথা, কেব আমাৰ ওপৰত জাপি দিব নালাগে আদি মন্তব্যৰে কটাক্ষ কৰে। আন একাংশই আকৌ মন্ত্ৰীগৰাকীৰ পদত্যাগৰো দাবী তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in