আজাৰাত বহিঃৰাজ্যৰ দুই প্ৰৱঞ্চকক ৪৩খন এটিএমসহ আটক

আজাৰাত বহিঃৰাজ্যৰ দুই প্ৰৱঞ্চকক ৪৩খন এটিএমসহ আটক

ডিজিটেল সংবাদ, আজাৰাঃ আপোনাৰ এ টি এম কাৰ্ডৰ সৱিশেষ বিচাৰি বেংকৰ পৰা পৰা ফোন কৰিলে আৰু এ টি এমৰ পৰা ধন উলিওৱাৰ সময়ত সাৱধান হ'ব । কিয়নো এই খন মহানগৰীত পিয়াপি দি ফুৰিছে জালিয়তিৰে এটিএমৰ ধন লুট কৰা বহিঃৰাজ্যৰ এক বৃহৎ চক্ৰ।

উল্লেখযোগ্য যে আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰঝাৰত ৪৩খন এ টি এম কাৰ্ডসহ ৪৩ খনকৈ উকা ATMকাৰ্ডসহ বহিঃৰাজ্য হাৰিয়ানাৰ দুই প্ৰবঞ্চক ক্ৰমে প্ৰবীণ কুমাৰ আৰু মনজিৎ সিং নাম দুই যুৱকক আটক কৰে। দুয়োজনে গুৱাহাটীত বাঁহৰ পাতি নিজকে বেংক বিষয়া বুলি পৰিচয় দি বেংক গ্ৰাহকৰ পৰা ATM ৰ সবিশেষ বিচাৰি ফোন কৰি তথ্য সংগ্ৰহ কৰি জালিয়তিৰে ধন লুণ্ঠন কৰে।

লগতে সাধাৰণ লোকে ATMৰ পৰা ধন উলিওৱাৰ সময়ত সহায় কৰাৰ ছলেৰে মুহূৰ্তৰ ভিতৰতে সংগ্ৰহ কৰি লয় ATMৰ সকলো তথ্য। বহিঃৰাজ্যৰ এনে প্ৰৱঞ্চকৰ প্ৰৰোচনাত পৰি সৰ্বস্বান্ত হৈছে ৰাজ্যৰ বহু লোক। কিন্ত এশ গৰু মাৰিলে বাঘৰেও যে মৰণ সেই দশাই হল দুই যুৱকৰ । আজাৰা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ভি আই পি চকৰ পৰা কৰায়ত্ত কৰে এই দুই প্ৰৱঞ্চকক ।

দুই যুৱকৰ পৰা ৪৩ খন উকা ATM কাৰ্ড , লেপটপ, চুইপ (SWIPE) মেচিন, ৩ টা মোবাইল ফোন আৰু প্ৰায় ২০০০০ নগদ ধন আৰু আমেৰিকাৰ ডলাৰ আদি উদ্ধাৰ কৰে । উল্লেখ্য যে প্ৰায় এমাহ ধৰি গুৱাহাটীত বাঁহৰ পাতি থকা হাৰিয়ানাৰ প্ৰবীণ কুমাৰ আৰু মনজিৎ সিং নামৰ এই দুই প্ৰৱঞ্চকে শনিবাৰে নিশা বিমানেৰে দিল্লীলৈ যোৱাৰ যোজা চলাইছিল । গুৱাহাটীত থকা সময়ত প্ৰায় অসমৰ ১২ গৰাকী বেংক গ্ৰাহকক জালত পেলাইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in