শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

কোৰোনা ভেকচিন উপহাৰ দিয়া চিৰাম প্ৰতিষ্ঠানত বিধ্বংসী জুঁই…

5,185

ডিজিটেল ডেস্কঃ ভাৰতক কোৰোনা ভেকচিন উপহাৰ দিয়া পুণেস্থিত চিৰাম প্ৰতিষ্ঠানৰ নৱনিৰ্মিত কাৰ্যালয়ত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। অৱশ্যে সকাহৰ খবৰটো হৈছে যে, এই অগ্নিকাণ্ডই ভেকচিন প্ৰস্তুত হৈ থকা কেবিনত কোনো প্ৰভাৱ নেপেলায়।

বিধ্বংসী এই জুই নিৰ্বাপনৰ বাবে ১০খনৰো অধিক গাড়ী নিয়োজিত কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে। অৱশ্যে শেহতীয়াকৈ এই জুই কিছু নিৰ্বাপিত হৈছে। উল্লেখ্য যে, চিৰাম প্ৰতিষ্ঠান হৈছে এনে এটা প্ৰতিষ্ঠান, যিটো প্ৰতিষ্ঠান বিশ্ব ভিতৰতে সবাতোকৈ ডাঙৰ ভেকচিন নিৰ্মাতাকাৰী প্ৰতিষ্ঠান। প্ৰায় ১০০ একৰ মাটিত বিয়পি আছে প্ৰতিষ্ঠানৰ পৰিধি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি