ভাল খবৰ! মহানগৰীত ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব ইলেকন্ট্ৰনিক বাছসেৱা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ পৰিবহন ব্যৱস্থাৰ পৰিৱৰ্তন সাধনেৰে নতুনকৈ সংযোজন ঘটিব ১০০০ খন ইলেকট্ৰনিক বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমে হাংগেৰীৰ ছিছেপল হল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে এক আলোচনাত মিলিত হৈ এই বাছ সেৱাৰ প্ৰচেষ্টা চলায়।

এফ এম ই আঁচনিৰ অধীনত ১৫ খন বাছ ক্ৰয় কৰি পোনপ্ৰথমে এই বাছ সেৱা গুৱাহাটীত ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বুলি অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে জনায়। মহানগৰীৰ ৰাজপথত সাজু কৰি তোলা এই বাছসেৱা কামাখ্যাৰ পৰা আৰম্ভ হ'ব লগতে এই বাছৰ ছাৰ্জিং ষ্টেচন ৰূপনগৰত দুটা নিৰ্মাণ কৰা হয়।

ইফালে, প্ৰাৰম্ভিক পৰ্যায়ত প্ৰথমে ১০০০ খন ইলেকট্ৰনিক বাছ ৰাজ্যত চলিব যদিও হাংগেৰীৰ ছিছেপল হল্ডিঙৰ চুক্তিৰ অন্তত পৰৰ্ৱতী সময়ত তিনিটা পৰ্যায়ত আৰু বাছ সেৱা আগবঢ়োৱা কথা আছে বুলি পৰিবহন নিগমৰ পৰিচালন সঞ্চালক গৰাকীয়ে লগতে উল্লেখ কৰে।

আনহাতে, এই পৰ্যায়ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় পৰ্যায়ত আৰু ১০০খন ইলেকট্ৰনিক বাছ অনুমোদন জনাব তাৰ ভিতৰত ৫০খন গুৱাহাটীৰ লগতে বাকী ২৫খন যোৰহাট আৰু ২৫খন শিলচৰৰ বাবে অনুমোদন হৈ আছে বুলি জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in