মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা…

মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ  পালন কৰিলে বিশ্বকৰ্মা পূজা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ যাত্ৰীক সুচল যাতায়ত তথা কৰ্মচাৰীক সময়মতে দৰমহাৰ যোগান ধৰিব নোৱৰা অসম ৰাজ্যিক পৰিবহণ নিগমে বিশ্বকৰ্মা পূজা পতাৰ নামত খৰচ কৰিলে কেইবালাখ টকা। বুধবাৰে বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজা পালন কৰাৰ সময়তে বিশেষভাৱে চৰ্চালৈ আহিল গুৱাহাটী মহানগৰীৰ পল্টন বজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিশ্বকৰ্মা পূজা। কিয়নো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বৰ বিভাগটোৱে উন্নয়নৰ নামত কোটি কোটি টকাৰ শৰাধ কৰিছে যদিও কাৰ্যক্ষেত্ৰত একোৱে কৰিবলৈ সক্ষম হোৱা নাই।

মৃত্যুৰ দুৱাৰ দলিত থকা বিভাগটো ৰক্ষাৰ বিপৰীতে জাকজমকতা প্ৰদৰ্শনতে ব্যস্ত পৰিবহণ নিগম। মাৰ্চিদিছ বাছ ক্ৰয় কৰাৰ কথা কোৱা মন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা যায় নিজ বিভাগৰ উন্নতিৰ জয়গান। কিন্তু প্ৰকৃতপক্ষে কিমান উন্নত হৈছে এই বিভাগটো। উজনি অথবা নামনি অসমৰ পৰা গুৱাহাটীলৈ দৈনিক অহা যাত্ৰীবাহী বাছসমূহ দেখিলে সহজে অনুমেয় এই কথা।

বৈদ্যুতিক বাছ…

প্ৰদূষণ ৰুধ কৰাৰ বাবে বিদ্যুৎ চালিত বাছৰ কথা কোৱা নাও বুৰিলেও টিঙৰ পৰা ননমা মন্ত্ৰীৰ এই বাছৰ সপোন দিঠকত পৰিণত নহ'ল। পূৰ্বৰ পৰা থকা বাছকেইখনো এতিয়া পচিবলৈ আৰম্ভ হৈছে। বৈদ্যুতিক বাছৰ কথা কোৱা মন্ত্ৰীৰ ঘোষণা কেৱল খবৰ কাকতৰ শিৰোনামাৰ বাদে একোৱে নহ'ল।

মহানগৰীত চলাচল কৰা ভলভৌ বাছকেইখনৰো অৱস্থা তেনেই তথৈবচ হৈছে। তাৰ পিছতো গা লৰা নাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ। বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰাৰ নামত কেইবালাখ টকা খৰচ কৰি বিভাগৰ জয়গান গোৱাতে ব্যস্ত থাকিল নিগমটো। নামি দামী কণ্ঠশিল্পীক নিমন্ত্ৰণ কৰি লাখ টকা গতাই দিয়া বিভাগৰ বৰমূৰীয়াসকলে এবাৰলৈও নাভাবিলে বিভাগটোৰ উন্নয়নৰ কথা।

মৃত্যু ক্ষণ গণি থকা বিভাগটো ৰক্ষা কৰাৰ বিপৰীতে কেৱল মাত্ৰ গায়ক মাতি আনি উচ্চস্তৰত মাজনিশাৰ লৈকে গান বাজনা কৰাত ব্যস্ত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ এনে কাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ১৭ তাৰিখৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত কৰা পূজাৰ নামত মাত্ৰ টকাৰ শৰাধহে কৰিলে বিভাগটোৱে।

ইফালে বিভাগৰ জয়গান গোৱা মন্ত্ৰীগৰাকীয়ে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰাৰ কথা আছিল যদিও সময়মতে উপস্থিত হ'ব নোৱাৰিলে অনুষ্ঠানত। যাৰ বাবে মঞ্চ উদ্বোধন নকৰাকৈয়ে অনুষ্ঠিত হ'ল শিল্পী নীল আকাশ আৰু দীক্ষুৰ সংগীতানুষ্ঠান। এতিয়া এনেদৰেই চলিছে অসম ৰাজ্যিক পৰিবহণ নিগম।

ইফালে বিভিন্ন স্থানত থকা পৰিবহণ নিগমৰ বাছ আস্থানসমূহৰো অৱস্থা তেনেই বেয়া। কোনো কোনো স্থানত বাছ আস্থানৰ নামত একোৱেই নাই। ইফালে যাত্ৰী জিৰণি কোঠাৰ অৱস্থাও তেনেই তথৈবচ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in