জাতিগত সংৰক্ষণৰ স্বাৰ্থত মাত মাতিবলৈ মহানগৰীত গঠন হ’ল ‘এছ’চিয়েচন ফৰ এছচি-এছটি-অ’বিচি ৰাইটছ, অসম’

জাতিগত সংৰক্ষণৰ স্বাৰ্থত মাত মাতিবলৈ মহানগৰীত গঠন হ’ল  ‘এছ’চিয়েচন ফৰ এছচি-এছটি-অ’বিচি ৰাইটছ, অসম’

ডিজটেল সংবাদ, গুৱাহাটীঃ জাতিগত সংৰক্ষণৰ ওপৰত আৰ এছ এছ প্ৰধান মোহন ভাগৱতে কৰা মন্তব্যক কেন্দ্ৰ কৰি দেশৰ ৰাজনৈতিক পৰিস্থিতি সম্প্ৰতি উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। অসমকো চুই গৈছে এই সম্পূৰ্ণ বিতৰ্কই। সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত কেইবাটাও সংগঠনে বৃহস্পতিবাৰে মহানগৰীৰ ছয়মাইলস্থিত কাৰ্বি হেমটুনত অনুষ্ঠিত হোৱা এক সভাত জাতিগত সংৰক্ষণৰ ওপৰত নেতাগৰাকীয়ে কৰা মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মত প্ৰকাশ কৰিছে।

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ সভাপতিত্বত অনু্ষ্ঠিত হোৱা সভাখনত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আন আন প্ৰস্তাৱৰ লগতে এক দেশ এক নীতিৰ সপোন দেখি জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা হতাও অভিযানৰ পিছত সংবিধান প্ৰদত্ত এছ টি/এছ চি/অ' বি চি অধিকাৰ কাঢ়ি নিবলৈ কৰা আৰ এছ এছ/বিজেপিৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা হয় সভাখনত।

দেশৰ আৰ্থসামাজিক বিকাশত অসমানতা থকাৰ লৈকে এই জাতিগত সংৰক্ষণ ব্যৱস্থাৰ পক্ষে মাত মাতি যাব বুলিও সভাখনত সিদ্ধান্ত লয় সংগঠনকেইটাই। এইক্ষেত্ৰত আন্দোলন তীব্ৰ কৰাৰ বাবে সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ – 'এছ'চিয়েচন ফৰ এছচি-এছটি-অ'বিচি ৰাইটছ, অসম' গঠন কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসক উপদেষ্টা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি নিশেশ্বৰ শইকীয়া আৰু স্বৰাজ অসমৰ নেতা তৰুণ ডেকাক উপদেষ্টা, স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈক সভাপতি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰাফেল কুজুৰক কাৰ্যকৰী সভাপতি, বৰাক ভেলি কাৰ্বি ষ্টুডেন্ট এছ'চিয়েছনৰ উপদেষ্টা চিমিয়ন দুৰঙক উপ সভাপতি, সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা দেউৰী জাতীয় পৰিষদৰ সম্পাদক হৰগোবিন্দ দেউৰীক সম্পাদক, অল ইণ্ডিয়া কাৰ্বি ষ্টুডেন্টছ ইউনিয়নৰ সাধাৰণ সম্পাদক বিক্ৰম হান্সে আৰু নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক যোগী অৰবিন্দ নাথক সহকাৰী সম্পাদক আৰু আহোম সভাৰ প্ৰাক্তন সভাপতি ৰুপম চেতিয়া বৰা আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সোনজিত দেউৰীক সাংগঠনিক সম্পাদক আৰু প্ৰণৱ ডেকা প্ৰচাৰ সম্পাদক, নাৰায়ণ নাথ আৰু কমলাকান্ত দাসক সদস্য হিচাপে লৈ এখন ১৪ জনীয়া তদৰ্থ কমিটি গঠন কৰা হয়। উল্লেখ্য যে, এই কমিটিখনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সংবিধান প্ৰদত্ত সংৰক্ষণ ব্যৱস্থালৈ নামি অহা সংকট দূৰ কৰাৰ উদ্দেশ্যৰে এক তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ স্বাৰ্থত ইয়াৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে কাৰ্যব্যৱস্থা হাতত ল'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in