কবিতা ১০/ মা

কবিতা ১০/ মা

-পংকজ পৰাণ

ৰাতি ৰাতি তোমাৰ চকুৰ টোপনিবোৰ

মোৰ দুচকুলৈ উৰি আহিছিল ৷ আৰু গানবোৰ

তোমাৰ ওঁঠৰপৰা বৈ আহি

মোৰ বুকুৰ মাজত এটা বাহ সাজিছিল

মোৰ চুলিৰ ভাঁজবোৰে

তোমাৰ আঙুলিৰ কথা মানিছিল ৷ কিন্তু ভৰি আৰু হাত দুখনে

তোমাক ভাগৰ লগাইছিল ৷

তোমাৰ ভাগৰবোৰে ৰাতিৰ আকাশত

মোৰ স'তে তৰা গণিছিল ৷

………………………..

এই মাজনিশাও মোৰ চকুত টোপনি নাই

অলপ টোপনি দিয়া

ৰাতিৰ আকাশত এতিয়া অকলেই চাওঁ তৰা

এই মহানগৰে মোক আঁতৰাই ৰাখে তোমাৰ পৰা

তুমি ভালে আছানে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in