অসম
কবিতা ৮/ জোনাকীৰ দৰে
প্ৰয়াগ শইকীয়া
ৰাতিৰ শব্দবোৰ জিলিকি উঠে
জোনাকীৰ দৰে ৰাতিৰ শব্দবোৰ
মনে আন্ধাৰত সমুদ্ৰ মথে
ক্ষীৰ সমুদ্ৰৰ এই জোনটি যেন মোৰ
পুৰানৰ চাকি জেউতি চৰা
তিৰবিৰাই উঠে মায়াৰে নভ
ধুনীয়া তৰালি জীৱন ভৰা
আকাশত দেখোঁ শিৱৰে ঋষভ
ৰাতিৰ শব্দ পোহৰৰে ৰীতি
মায়াজোন মায়াজ্যোতিৰিঙ্গন
তৰাৰ মায়া জীৱনৰে গীতি
পোহৰৰে ভৰা প্ৰতিটি ক্ষণ
পুৰানৰ চাকি ৰাতি উজলে
আকাশত শব্দই ডেউকা মেলে
(ছেইক্সপীয়েৰ বা ইংৰাজী ৰমন্যাসিক ছনেটৰ আৰ্হিত লিখা