-অখিল চন্দ্ৰ গোস্বামী
বহুত হাজাৰ বছৰীয়া সভ্যতাৰ
গৌৰৱ ধ্বজা বহনকাৰী — ভাৰতবৰ্ষ
আমাৰ পবিত্ৰ জন্মভূমি– ভাৰতবৰ্ষ
যিখন দেশত শিকোৱা
হয়– "সৰ্বে ভৱন্তুসুখীনা
সৰ্বে সন্তু নিৰাময়া"।
এই দেশত যুগ
যুগান্তৰে
সত্য প্ৰমাণিত হৈ
আহিছে—
"অহিংসা পৰম ধৰ্ম" ।
পাছে ! পাছে সৰলতাক
দুৰ্বলতা বুলি ভাবিছিলে–
সাম্ৰাজ্যবাদী– বৃটিছ প্ৰশাসনে
সেয়েহে পৰিকল্পিত ভাবে কৰিছিল–
" জালিয়ানৱালাবাগ হত্যাকাণ্ড " ।
জ্বলা জুইত ঘিউ ঢালিলে-
জনতাৰ বিদ্ৰোহৰ অগনিৰ স্ফুলিংগ
সৰ্বত্ৰ বিয়পি পৰিল
বৃটিছ প্ৰশাসন– কিংকৰ্তব্য বিমোৰ ।
আমাৰ মূল মন্ত্ৰ–
" অনৈক্যৰ মাজত ঐক্য "
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে
দেশ মাতৃৰ সেৱাৰ বেদিত —
বুকুৰ ৰক্তেৰে–অৰ্ঘ ঢালিলে ।
" তৰিলে দেশ মৰিলে স্বৰ্গ"
অলেখ শ্বহীদে ৰচিলে– ইতিহাস
ঔপনিৱেশিক শাসনৰ হয়– সূৰ্য্যাস্ত।
স্বাধীনতাৰ গৌৰৱ বহনকাৰী
তিনিবৰণীয়া জাতীয় পতাকা
স্বগৌৰৱে আকাশত উৰে,
" জন গণ মন" ৰাষ্ট্ৰীয় সংগীত
স্বাধীন ভাৰতৰ আকাশে বতাহে—
হয় গুঞ্জৰিত, হয় গুঞ্জৰিত।
প্ৰতিধ্বনিত ভাঁহি আহে– বন্দেমাতৰম্ বন্দেমাতৰম্ বন্দেমাতৰম্ ।
এইয়া যে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ৰ স্পন্দন, হৃদয়ৰ স্পন্দন।
স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ
" পোন্ধৰ আগষ্ট"—-
সোণালী আখৰৰে লিখা — ইতিহাস।
স্বাধীনতাৰ পৈশোত্তৰ বৰ্ষত
আমাৰ স্বাভিমান–
"হৰ ঘৰ ত্ৰিৰংগা, হৰ ঘৰ ত্ৰিৰংগা, হৰ ঘৰ ত্ৰিৰংগা"