বাদুংদ্যুপ্পাৰ ৰূপকাৰ শুক্ৰাচাৰ্য ৰাভাৰ আকস্মিক বিয়োগ

বাদুংদ্যুপ্পাৰ ৰূপকাৰ শুক্ৰাচাৰ্য ৰাভাৰ আকস্মিক বিয়োগ

author-image
asomiyapratidin
New Update
শুৱালকুছিত হিতাধিকাৰী নিৰ্বাচনৰ সজাগতা সভা

প্ৰতিদিন বিশেষ সংবাদ-বিশেষ সেৱা, গোৱালপাৰা, ৮ জুনঃ বিশিষ্ট নাট্যশিল্পী, অভিনেতা, পৰিচালক তথা সংগঠক শুক্ৰাচাৰ্য ৰাভা আৰু নাই ।আজি নিশা ১০.২০ বজাত মৃত্যু হয় প্ৰাকৃতিক পৰিবেশত নাট পৰিবেশনেৰে অনন্য চানেকী দাঙি ধৰা নাট্যশিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৪১ বছৰ। গোৱালপাৰাৰ আগিয়া ৰামপুৰস্থিত নিজ বাসগৃহত আজি নিশা প্ৰায় ১০ বজাত ষ্ট্ৰ'কত আক্ৰান্ত হয় শিল্পীগৰাকী। ততাতৈয়াকৈ তেওঁক গোৱালপাৰাৰ ছ'লেচ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ আৰু কন্যাক ইহ সংসাৰত এৰি থৈ যায়। ১৯৭৭ ৰ ১০ এপ্ৰিলত ৰামপুৰত জন্মগ্ৰহণ কৰা শুক্ৰাচাৰ্য ৰাভাই ১৯৯৮ ত জন্ম দিয়ে বাদুংদ্যুপ্পা নামৰ নাট্য দলটোৰ। ৰাভা, বড়ো আৰু নেপালী ভাষাত ১২ খন নাটক পৰিচালনা কৰা প্ৰয়াত ৰাভাই ২০০৯ চনত সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰেৰে সন্মানিত হৈছিল। তদুপৰি মহেন্দ্ৰ বৰঠাকুৰ বঁটা, প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, শ্বেৰ চৌধুৰী সোঁৱৰণী বঁটা, পাটলিপুত্ৰ বঁটা, যুগল কিশোৰ চৌধুৰী বঁটা, আদিত্য বিক্ৰম বিৰলা কলা কিৰণ পুৰস্কাৰ আদিও লাভ কৰিছিল প্ৰতিভাৱান নাট্যশিল্পীগৰাকীয়ে। থিয়েটাৰ অলিম্পিকত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা শুক্ৰাচাৰ্য ৰাভাই 'আণ্ডাৰ দা ছাল ট্ৰি' শীৰ্ষক নাট্য মহোৎসৱ প্ৰতি বছৰে অনুষ্ঠিত কৰি ৰাজ্যৰ সাংস্কৃতিক জগত চহকী কৰিছিল। সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত নাট পৰিবেশন কৰি ব্যতিক্ৰমী নাট্য আন্দোলনৰ সূচনা কৰা শুক্ৰাচাৰ্য ৰাভাই মণিপুৰৰ এইচ কানহাইলাল আৰু এইচ সাৱিত্ৰীৰ অধীনত নাট্যশিক্ষাৰ পাঠ গ্ৰহণ কৰিছিল। বিশিষ্ট নাট্যশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।