কাঞ্চনজংঘাৰ প্ৰচাৰঃ টংলা মহাবিদ্যালয়ত উপস্থিত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ… VIDEO

কাঞ্চনজংঘাৰ প্ৰচাৰঃ টংলা মহাবিদ্যালয়ত উপস্থিত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ… VIDEO

author-image
asomiyapratidin
New Update
কাঞ্চনজংঘাৰ প্ৰচাৰঃ টংলা মহাবিদ্যালয়ত উপস্থিত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ… VIDEO

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিৰ টংলাত উপস্থিত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন। টংলা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ মুকলি সভাত উপস্থিত থাকে জুবিন গাৰ্গ। হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত উৎসৱমুখৰ হৈ পৰে টংলা মহাবিদ্যালয়।

অহা ৬ ছেপ্টেম্বৰত মুক্তি হ'বলগীয়া জুবিনৰ কাঞ্চনজংঘাৰ প্ৰচাৰ চলালে জুবিন, সমীৰ প্ৰৱিত্ৰকে ধৰি টিম কাঞ্চনজংঘাই। টংলাত নতুনকৈ ছবিগৃহ নিৰ্মাণ কৰাৰ বাবে উৎফুল্লিত জুবিন।নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্ধোধন কৰি টংলা মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মাজত চকলেট বিতৰণ কৰে জুবিনে গাৰ্গে।