/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/zubeen-papon-show.jpg)
ডিজিটেল ডেস্কঃ মাজতে বিৰ্তকৰ মাজত সোমাই পৰা অংগৰাগ পাপন মহন্ত বহুদিন ধৰি মঞ্চৰ পৰা আতঁৰি আছিল। তাৰমাজতে কিছুদিনৰ পূৰ্বে বলিউদত এটি হিন্দীগীত মুকলি কৰি পুনৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছে পাপনে। কিন্তু শুকুৰবাৰে নিশা পুনৰ মঞ্চত দেখা গল পাপনক।
পাপন অকলে নহয়, মঞ্চত পাপনৰ সৈতে একেলগে গীত পৰিৱেশন কৰিলে জুবিনেও। অসমৰ দুই জনপ্ৰিয় কন্ঠশিল্পীৰ যুগলবন্দী দেখা গল দিল্লীত। ২৬ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ দিল্লীৰ 'ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফ'ৰ আৰ্টছ'ত অনুষ্ঠিত হৈছে 'নৰ্থ ইষ্ট ফেষ্টিভেল ২০১৮'। এই অনুষ্ঠানৰ মঞ্চতে অসমৰ দুই তাৰকাই বিহুগীত পৰিৱেশনেৰে নচুৱালে হাজাৰ হাজাৰ দৰ্শকক।
উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য,নৃত্য,নাটক,সংগীত আৰু থলুৱা সাজ পাৰৰ ফেশ্বন শ্ব'য়ো অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চলৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ এই মহোৎসৱত জুবিন পাপনে একেলগে পৰিৱেশন কৰা বিহুগীতৰ এটি ভিডিঅ'-
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us