/asomiyapratidin/media/media_files/2025/09/27/danns-2025-09-27-22-21-12.jpg)
ডিজিটেল ডেস্কঃ সোণাপুৰৰ জুবিনৰ সমাধিস্থলী এতিয়া এক তীৰ্থভূমিলৈ ৰূপান্তৰ হৈছে। পুৱাৰে পৰা নিশালৈকে ভকতৰ নাম-কীৰ্তনে জীপাল কৰি ৰাখিছে জুবিনৰ সমাধিস্থলী। প্ৰিয় শিল্পীগৰাকীৰ অন্তিম ঠিকনা চাবলৈ প্ৰতিদিনাই সোত বৈছে অগণন অনুৰাগীৰ। সমাধিস্থলীত সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশৰ মাজত সকলোৱে স্মৰণ কৰিছে জুবিন গাৰ্গক।
সাধাৰণতে আমাৰ অসমীয়া সমাজত এক নিয়ম আছে আছে যে, কোনো মৃতকৰ ঘৰ বা আধ্যাত্মিক স্থানলৈ যাওতে পাণ-তামোল, নৈবদ্য বা দক্ষিণা প্ৰদান কৰাতো। সংগীতৰ ভগৱান জুবিন গাৰ্গৰ সমাধিস্থলীতো বহু অনুৰাগীয়ে গামোচা, নৈবদ্যৰ লগতে আগবঢ়াইছে দান-দক্ষিণা।
জুবিনৰ সমাধিৰ আশে-পাশে বহু অনুৰাগীয়ে দিয়া এই দক্ষিণাবোৰ একত্ৰিত কৰি স্থানীয় ৰাইজে এটা দানপাত্ৰৰ যোগাৰ কৰিছিল। কিন্তু সমাধিৰ কাষত এনে দানপাত্ৰ দেখি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সচেতন মহলে এই বিষয়টো দৃষ্টিগোচৰ কৰিছিল বিভাগীয় মন্ত্ৰীৰ লগতে প্ৰশাসনৰ।
অৱশেষত সোণাপুৰৰ সমজিলা আয়ুক্তগৰাকী নিজে উপস্থিত হৈ উক্ত স্থানৰ পৰা আতৰাই দিয়ে দানপাত্ৰটো। প্ৰশাসনে সদৰি কৰিছে যে, অনুৰাগীৰ এনে দক্ষিণা প্ৰদান কৰা কাৰ্যই ভয়ংকৰ বিপদ মাতিব পাৰে। অনুৰাগীয়ে দলিয়াই দিয়া এই কাগজৰ নোটসমূহত জ্বলি থকা চাকিৰ পৰা অগ্নিসংযোগ হৈ তাত পৰি থকা গামোচাত লাগিলে ভয়ংকৰ অগ্নিকাণ্ডৰ সূচনা হোৱাৰ সম্ভাৱনা আছে।
প্ৰশাসনে সকলো জুবিন অনুৰাগীকে অনুৰোধ জনাইছে যে, জুবিনৰ সমাধিস্থলীত কোনো দক্ষিণা প্ৰদান কৰাৰ প্ৰয়োজন নাই। ইয়াৰ দ্বাৰা শিল্পীগৰাকীৰ সমাধিস্থলীত ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে। সেয়েহে আগন্তুক সময়ত এই কথাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ প্ৰশাসনে সকলোকে আহ্বান জনাইছে।