Published on:
Updated on:
- গুৱাহাটী মহানগৰস্থিত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন জুবিন গাৰ্গ।
- বৰ্তমান তেওঁ সুস্থ বুলি জনালে চিকিৎসকে।
- স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ হঠাতে ঢলি পৰিছিল জুবিন।
- তেওঁৰ আত্মীয় তথা যথেষ্ট অনুৰাগীয়ে ভিৰ কৰিছেহি নেমকেয়াৰ হাস্পতালত।
- টাউন ক্লাৱত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ঢলি পৰিছিল তেওঁ।
- মাটিত বাগৰি পৰাৰ পূৰ্বেই কাষত থকা লোকসকলে সাৱতি ধৰে জুবিন গাৰ্গক।
- তাৰপাছতেই লগে লগে নেমকেয়াৰ হাস্পতাললৈ লৈ যায় তেওঁক।
- মন্ত্ৰী নৱ কুমাৰ দলেয়ে নেমকেয়াৰত উপস্থিত হৈ জুবিনৰ স্বাস্থ্যৰ।
- বৰ্তমান সংকটমুক্ত বুলি চিকিৎসকে জনোৱাৰ কথা সংবাদমাধ্যমৰ আগত অৱগত কৰিলে মন্ত্ৰীগৰাকীয়ে।
- একেৰাহে কামত ব্যস্ত থকাৰ বাবে এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি চিকিৎসকে জনাইছে।
- বৰ্তমান নেমকেয়াৰৰ আই চি ইউতে আছে শিল্পীগৰাকী।
- উল্লেখ্য যে, শিল্পী অনুৰাগ শইকীয়াৰ 'বৰগীত' নামৰ এলবামটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল জুবিন গাৰ্গ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in