নিৰ্দিষ্ট কেইজনমানৰ বাহিৰে জুবিনৰ শেষকৃত্যৰ অনুষ্ঠানত নাথাকিব কোনো VIP, VVIP: মন্ত্ৰী বিধায়ক আহিলেও থাকিব লাগিব সাধাৰণ ৰাইজৰ লগত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদ মেলৰ জৰিয়তে জনাই যে, অসমবাসীৰ দাবীৰ প্ৰতি সন্মান জনাই পুনৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব।

author-image
Tushar Pratim
New Update
new ap web 3 (21)

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদ মেলৰ জৰিয়তে জনাই যে, অসমবাসীৰ দাবীৰ প্ৰতি সন্মান জনাই পুনৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব। তাৰোপৰি এই ঘটনাৰ সন্দৰ্ভত যিসমূহ গোচৰ ৰুজু কৰা হৈছে সেই সকলো গোচৰ চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে। 

সংবাদ মেলত তেওঁ কয়, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ ইতিমধ্যে চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে। আজি নতুনকৈ জাতীয় নাৰী বাহিনীৰ দ্বাৰা এখন এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰত তেওঁলোকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আৰু শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে। এই গোচৰো চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে। 

তেওঁ এই সন্দৰ্ভত বিভিন্ন থানাত নতুন নতুন গোচৰ দি থকাৰ পৰিবৰ্তে চৰকাৰৰ ওপৰত আস্থা ৰখাৰ আহ্বান। যি ধৰণে এই বিষয়টোৰ ওপৰত তদন্ত আগবঢ়াব লাগে সেইদৰেই তদন্ত আগবাঢ়িব বুলি আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী। 

আনহাতে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ সন্দৰ্ভত কয়, জুবিনৰ মৃত্যুৰ পাছতে চৰকাৰৰ ওপৰত জুবিনৰ মৰণোত্তৰ পৰীক্ষা নকৰাৰ বাবে হেঁচা উত্থাপন হৈছিল। মৰমৰ শিল্পীগৰাকীৰ দেহ কটা-চিঙাৰ বিৰোধিতা কৰিছিল একাংশই। কিন্তু পাছত পুনৰ ছিংগাপুৰত নিৰপেক্ষ ভাৱে মৰণোত্তৰ পৰীক্ষাৰ দাবী উত্থাপন হয়।

সেই মতেই চৰকাৰে ছিংগাপুৰতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। এতিয়া পুনৰ অসমতো তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী উত্থাপন হৈছে। ড০ শৰ্মাই কয়, ছিংগাপুৰৰ দৰে নিৰপেক্ষ এখন ৰাষ্ট্ৰত মৰণোত্তৰ পৰীক্ষা হোৱাতো অসমৰ বাবে আশীৰ্বাদস্বৰূপ। 

আজি পুৱাৰ পৰা অসমত পুনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী উত্থাপন হৈছে। অসম চৰকাৰে ৰাইজে বিচৰা মতেই সকলো কৰি আছে। ব্যক্তিগতভাৱে জুবিনৰ পুনৰ এবাৰ মৰণোত্তৰ পৰীক্ষাৰ পক্ষপাতী নহয় মুখ্যমন্ত্ৰী। তথাপিও তেওঁ ৰাইজৰ দাবীৰ প্ৰতি সন্মান কৰি পবিত্ৰ মাৰ্ঘেৰিটাক এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ বাবে প্ৰেৰণ কৰে। 

গৰিমা শইকীয়া গাৰ্গেও এই মৰণোত্তৰ পৰীক্ষাৰ বাবে সমৰ্থন দিছে। সেয়ে জি এছ চি এইছত এইমছৰ চিকিৎসকৰ উপস্থিতিতে সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা। মঙলবাৰে পুৱা ৭-৩০ বজাত হ’ব এই মৰণোত্তৰ পৰীক্ষা। ইয়াৰ বাবে প্ৰয়োজন হ’ব একৰ পৰা ডেৰ ঘণ্টা। 

মৰণোত্তৰ পৰীক্ষাৰ পাছত জি এম চি এইছৰ পৰা তেওঁক পুনৰ লৈ যোৱা হ’ব সৰুজাইলৈ। তাৰ পাছৰ প্ৰায় এঘণ্টা পাছত তেওঁক লৈ যোৱা হ’ব শেষকৃত্যৰ অনুষ্ঠানলৈ। এই অনুষ্ঠানত উপস্থিত থাকিব পৰিয়াল তথা ঘনিষ্ঠ ৮৫ গৰাকী ব্যক্তি। তেওঁলোকৰ বাবে সৰুসজাইত থাকিব বাছ। 

সৰুসজাইৰ পৰা শেষকৃত্যৰ অনুষ্ঠানলৈ যোৱা সমদলত নাথাকিব আন বেলেগ বাহন। বিমান বন্দৰৰ পৰা সৰুসজাইলৈ লৈ অহাৰ দৰেই তেওঁক এম্বুলেঞ্চত লাহে লাহে এই অনুষ্ঠানলৈ লৈ যোৱা হ’ব। পথৰ দুয়োকাষৰ পৰা ৰাইজে শ্ৰদ্ধা জনাব পাৰিব। 

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব শেষকৃত্যৰ অনুষ্ঠানত। অসম বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰী, বিৰোধী দলপতি, অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক, আছুৰ দুজনীয়া প্ৰতিনিধিক নিমন্ত্ৰণ কৰিছে অসম চৰকাৰৰ। 

মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী সভাৰ প্ৰতিনিধিয়েও ল’ব শেষকৃত্যৰ অনুষ্ঠানত। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো আহিব এই অনুষ্ঠানলৈ। অসম, তথা দেশৰ হৈ এইসকল লোকেই অনুষ্ঠানত জুবিনক শেষ বিদায় দিব। চলচ্চিত্ৰ সমাজৰ পৰাও এজন প্ৰতিনিধিক বিচাৰিব চৰকাৰে। 

ইয়াৰ বাহিৰে আন কোনো, ভি আই পি, ভি ভি আই পি নাথাকিব। কোনোবা আহিলেও সাধাৰণ জনতাৰ সৈতেই থাকিব লাগিব। মন্ত্ৰী বিমল বৰা, ৰণোজ পেগু, কেশৱ মহন্ত দায়িত্বতহে থাকিব। বাকী কোনো মন্ত্ৰী, বিধায়কৰ বাবে নাথাকিব কোনো ব্যৱস্থা। 

শেষকৃত্যৰ পাছতে পৰিয়ালৰ হাতত চৰকাৰে অৰ্পণ কৰিব জুবিনৰ অস্তি। সাংস্কৃতিক বিভাগে সংৰক্ষণ কৰিব ভস্ম। যি স্থানত তেওঁৰ শেষকৃত্য হ’ব সেই স্থান লগে লগে দেৱাল দি বন্ধ কৰি দিয়া হ’ব। ১০/১২ দিনৰ পাছত সীমাৰ দেৱালো নিৰ্মাণৰ কাম আৰম্ভ হ’ব। 

কাইলৈ ২ বজাৰ পাছত কোনো ব্যক্তিয়ে দোকান-পোহাৰ বন্ধ কৰিব বিচাৰিলে চৰকাৰ তেওঁলোকৰ বিৰুদ্ধে অত্যন্ত কঠোৰ হ’ব। আজি নিশাও যদি কোনোৱে জুবিনক অসন্মান কৰি উদ্ভণ্ডালি কৰে তেওঁলোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। 

যোৱা কেইটামান দিনত জুবিন গাৰ্গক যিসকলে সম্পূৰ্ণ অসন্মান কৰিলে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব, আৰম্ভ হ’ব গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া। যিসকলৰ লগত জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত কিবা তথ্য আছে সেই তথ্য চি আই ডিৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান। 

গৰিমা শইকীয়া গাৰ্গৰ বিৰুদ্ধেও একাংশই অশোভনীয় কথা লিখিবলৈ আৰম্ভ কৰিছে সামাজিক মাধ্যমত। এই কথাও উল্লেখ কৰি তেওঁ কয়, যিসকলে সামাজিক মাধ্যমত লিখিছে তেওঁলোকক চি আই ডিলৈ মতা হ’ব। তথ্যৰ আধাৰত কোৱা সকলো কথাকে সন্মানেৰে ল’ব চৰকাৰে। 

আনহাতে অসম আৰক্ষীৰ এটা দলো শীঘ্ৰেই ছিংগাপুৰলৈ গৈ সমগ্ৰ ঘটনাৰ তথ্য সংগ্ৰহ কৰিব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

জুবিন গাৰ্গ