জয় জুবিন দা ধ্বনিৰ মাজতে সৰুসজাই পৰা জি এম চি এইছলৈ লৈ যোৱা হৈছে জুবিনৰ নশ্বৰ দেহ

সৰুসজাইৰ নিৰ্দিষ্ট স্থানৰ পৰা জুবিন গাৰ্গৰ নশ্বৰদেহ তুলি অনা হৈছে পুষ্পসজ্জিত এম্বুলেঞ্চলৈ। দেওবাৰৰ পৰা সৰুসজাইত থকা জুবিন গাৰ্গৰ নশ্বৰদেহ লৈ যোৱা হ'ব জি এম চি এইছলৈ।

author-image
Tushar Pratim
New Update
জয় জুবিন দা ধ্বনিৰ মাজতে সৰুসজাই পৰা জি এম চি এইছলৈ লৈ যোৱা হৈছে জুবিনৰ নশ্বৰ দেহ

ডিজিটেল ডেস্কঃ সৰুসজাইৰ নিৰ্দিষ্ট স্থানৰ পৰা জুবিন গাৰ্গৰ নশ্বৰদেহ তুলি অনা হৈছে পুষ্পসজ্জিত এম্বুলেঞ্চলৈ। দেওবাৰৰ পৰা সৰুসজাইত থকা জুবিন গাৰ্গৰ নশ্বৰদেহ লৈ যোৱা হ'ব জি এম চি এইছলৈ। জি এম চি এইছতে তেওঁৰ আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব। 

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে পুৱা ৭-৩০ বজাত জি এম চি এইছত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। তাৰ বাবে ৩ বজাতে জুবিন গাৰ্গৰ নশ্বৰদেহ লৈ যোৱা হৈছে জি এম চি এইছলৈ। 

উল্লেখ্য ৰাইজৰ বিপুল দাবীৰ মাজতে আজি দ্বিতীয়বাৰৰ বাবে আৰু অসমত প্ৰথমবাৰৰ বাবে তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব। পুৱা ৭-৩০ বজাৰ পৰিবৰ্তে তাৰ পূৰ্বেই জি এম চি এইছত এতিয়া মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব। 

ৰাজপথত মানুহৰ সমাগম আৰু অনুৰাগীৰ ভিৰৰ বাবেই প্ৰশাসনে পুৱতি নিশা ৩ বজাতেই তেওঁৰ নশ্বৰ দেহ এই দৰে জি এম চি এইছলৈ লৈ যোৱা হৈছে। আৰক্ষীৰ সুৰক্ষাৰ মাজত লৈ যোৱা এই নশ্বৰ দেহ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত সৰুসজাইলৈ লৈ অহা হ'ব। তাৰ পৰা লৈ যোৱা হ'ব শেষকৃত্যৰ সম্পন্ন হ'বলগীয়া স্থানলৈ।  

জুবিন গাৰ্গ