ডিজিটেল ডেস্কঃ জুবিন গাৰ্গে ব্ৰাহ্মণ সমাজক লৈ দিয়া বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে ব্ৰহ্ম সমাজৰ লগতে বিভিন্ন দল-সংগঠন। উল্লেখযোগ্য যে, এক অনুষ্ঠানত অংশ লৈ জুবিনে 'কাঞ্চনজংঘা' নামৰ ছবিখনৰ প্ৰচাৰ চলাবলৈ কিছু মন্তব্য কৰিছিল। তাৰ মাজতে তেওঁ ব্ৰাহ্মণক প্ৰহাৰ কৰিব লাগে বুলি কোৱাৰ লগতে মুক্তিৰ প্ৰতিক্ষাত থকা তেওঁৰ ছবিখনৰ ইন্টাৰ্ভেলৰ আগেয়ে লগুণ ছিঙি পেলোৱাৰ দৃশ্য আছে বুলিও জানিবলৈ দিয়ে।
ইতিমধ্যে জুবিন গাৰ্গৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সাজু হোৱাৰ লগতে ছবিখনৰ বিৰুদ্ধে ছেঞ্চৰ বৰ্ডৰ কাষ চাপিবলৈ সিদ্ধান্ত লৈছে ব্ৰাহ্মণ সমাজে। জুবিন গাৰ্গৰ বিৰুদ্ধে বাইহাটা থানাত ২৮ জুলাইত ৰুজু কৰা হৈছে এক গোচৰ।
জি এম চি এইচৰ প্ৰেক্ষাগৃহত এক সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ জুবিন গাৰ্গে ব্ৰাহ্মণ সমাজক প্ৰহাৰ কৰিবলৈ উচতনিমূলক মন্তব্য দিয়াৰ লগতে হিন্দী ভাষাক 'ধেকেৰী' ভাষা আখ্যা দিয়াক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে, জুবিনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত তেনে মন্তব্য ধেমালিতেই কৰা বুলি মন্তব্যও কৰিছে। অচিৰেই তেওঁ এই সন্দৰ্ভত স্পষ্টীকৰণ দিব বুলি কয়।
জুবিনে কয়- 'মই ক্লেৰিফিকেশ্যন দিম। আচলতে মই কথাটো কোৱাৰ অৰ্থ বেলেগ আছিল। মই অলপ বেলেগকৈ ক'লো কাৰণে ধেমালি ধেমালিতেই বুজিলে বেলেগ ধৰণে। মই কালি ক্লেৰিফিকেশ্যন দি আছো। আজি একো নকওঁ।'