/asomiyapratidin/media/media_files/2025/09/26/huighiuhj-2025-09-26-12-16-12.jpg)
ডিজিটেল ডেস্ক: ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই অসমীয়া। মই অভ্ৰভেদী বীৰ।’ এই কথাখিনি খুব বেছিকৈ কৈছিল জুবিন গাৰ্গে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জুবিনে প্ৰায়ে এইদৰে কৈ স্বাভিমানী অসমীয়াৰ পৰিচয় দিছিল। ব্ৰাহ্মীন পৰিয়ালত জন্ম হোৱাৰ পাছতো মোৰ কোনো জাতি, ধৰ্ম নাই বুলি কৈ তেওঁ লগুণ পিন্ধা নাছিল। ধৰ্মীয় অনুষ্ঠানবোৰৰো তেওঁ কোনোদিন অংশ হোৱা নাছিল।
নামঘৰ-মন্দিৰলৈ নগ’লেও, পূজা-পাতল নকৰিলেও কিন্তু এজন ভগৱান তেওঁৰ প্ৰিয় আছিল। হয়, ভগৱান শিৱ তেওঁৰ প্ৰিয় আছিল। সাধাৰণতে এনে ধৰণৰ কথা-বতৰাৰ পৰা নিজকে আঁতৰাই ৰখা জুবিন গাৰ্গে এটা সাক্ষাৎকাৰত কৈছিল, ‘মই শিৱক ভালপাওঁ, because he is a biggest character। শিৱৰ কাৰবাৰবোৰ মোৰ চিনেমা যেন লাগে। মই যাক ভালপাও, যাক define কৰিব পাৰো, তেওঁক মই মনতে ৰাখো।’
জুবিনে কৈছিল, ‘সময়েই ভগৱান। সময়ে আমাক যিকোনো মূহুৰ্ততে শেষ কৰি দিব পাৰে। মই সময়ক বৰ ভয় কৰো। ঘড়ীটো চাই থাকিলে মোৰ ভয় লাগে। সদায় ঘড়ীটোয়েই মোক ভুল কৰি দিয়ে।’
সঁচাই অনন্য আছিল জুবিন গাৰ্গ। জাতি-ধৰ্ম বিচাৰ নকৰাকৈ তেওঁৰ শেষ বিদায় বেলাত কেৱল অসমীয়া ওলাই আহিল। মানুহৰ মাজত জীয়াই থাকি ভালপোৱা মানুহজনক জীয়াই থাকোতে থকাৰ দৰেই মৃত্যুৰ পাছতো মানুহে আৱৰি ৰাখিলে। জুবিনে কোৱাৰ দৰেই নভৱা কথাও হঠাতে হৈ যায় ! সাগৰৰ ঢৌৰ সৈতে খেলি ভালপোৱা মানুহটো সাগৰতে বিলীন হৈ গ’ল।