যি দলে কৃষকৰ পাগুৰি খুলিব চেষ্টা কৰিছে, যি দলে কৃষকসকলক সন্ত্ৰাসবাদী বুলি কৈছে, বিভিন্ন গালি দিছে সেই দলেই ৩ কৃষক বিৰোধী আইন বনাইছে বুলি মন্তব্য কগৃষক নেতা গৰাকীৰ ।
কটন বিশ্ববিদ্যালয়ত বিশেষ আলোচনা সভা অংশ লৈ এই মন্তব্য কৰে যোগেন্দ্ৰ যাদবে ।
কৃষক আন্দোলন আৰু ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিত গণতান্ত্ৰিক নাগৰিকৰ দায়িত্ব শীৰ্ষক বিষয়ত আলোচনা অনুষ্ঠিত হয় । অনুষ্ঠানত উপস্থিত থাকে ,কৃষক নেতা ক্ৰমে ডঃ সুনীলাম, ডঃ সনাতন সিং আদি।
কৃষকৰ সৈতে আলোচনা নকৰাকৈ জাপি দিয়া এই ৩ কৃষি আইনৰ বিৰুদ্ধে বিজেপিক প্ৰত্যুত্তৰ দিয়া সময় এতিয়া আহিছে। সকলোৱে এতিয়া প্ৰত্যুত্তৰ দিব লাগে।
কৃষক আন্দোলনত ৩০০ কৃষক শ্বহীদ হৈছে। প্ৰায় ১০৮ দিন পাৰ হল। কোনোৱে যদি আত্মহত্যা কৰিছে, কোনো দুৰ্ঘটনাত মৃত্যু হৈছে। কোনো আকৌ শাৰীকভাৱে অসুস্থ হৈ মৃত্য হৈছে। কিন্তু তেওঁলোকে সেইবোৰ নেদেখে বুলি মন্তব্য কৃষক নেতা গৰাকীৰ ।
কৃষকৰ আন্দোলনৰ বাবে ইতিমধ্যে এই ৩ কৃষি আইনৰ মৃত্য হৈছে। কিন্তু চৰকাৰে সেই কথা কবলৈ চৰকাৰৰ সাহস নাই ।
এই আন্দোলনৰ ফলত কৃষকৰ আত্মসন্মান বৃদ্ধি হৈছে। এই আন্দোলনৰ ফলত কৃষকৰ ৰাজনৈতিক শক্তি দেশত পুনৰবাৰ স্থাপিত কৰিছে। এই আন্দোলনৰ ফলত কৃষকসকলক একত্ৰিত হোৱাৰ শিক্ষা দিলে। এই উপলব্ধি হৈছে এই আন্দোলনৰ ফলত।